স্কাইৰুট এৰ’স্পেচ দললৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ভাৰতত প্ৰথমবাৰৰ বাবে স্কাইৰুট এৰ’স্পেচ নামৰ ব্যক্তিগত কোম্পানীটোৱে আজি নিজৰ থলুৱা উপগ্ৰহ উৎক্ষেপণ কৰিছে। ইয়াকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ টুইটাৰত লিখিছে, স্কাইৰুট এৰ''স্পেচৰ সমগ্ৰ দলটোক স
प्रधानमंत्री नरेन्द्र मोदी की एक्स पोस्ट।


নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ভাৰতত প্ৰথমবাৰৰ বাবে স্কাইৰুট এৰ’স্পেচ নামৰ ব্যক্তিগত কোম্পানীটোৱে আজি নিজৰ থলুৱা উপগ্ৰহ উৎক্ষেপণ কৰিছে। ইয়াকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ টুইটাৰত লিখিছে, স্কাইৰুট এৰ'স্পেচৰ সমগ্ৰ দলটোক সফল উৎক্ষেপণৰ বাবে মোৰ শুভেচ্ছা। বিক্ৰম-১য়ে বহু উচ্চতালৈ উৰি যাওক, ইতিহাস সৃষ্টি কৰক, আৰু উদ্ভাৱকৰ প্ৰজন্মক অনুপ্ৰাণিত কৰক।

প্ৰধানমন্ত্ৰীয়ে লিখিছে, আজি পুৱা ১১:৩০ বজাত স্কাইৰুট এৰ'স্পেছে ভাৰতৰ প্ৰথমখন ব্যক্তিগতভাৱে নিৰ্মিত উৎক্ষেপণ বাহন বিক্ৰম-১ৰ প্ৰথমটো কক্ষপথত উৎক্ষেপণ কৰিব। এই চাৰিটা পৰ্যায়ৰ ৰকেটটো দ্ৰুত আৰু অনুকূল উৎক্ষেপণ সেৱা প্ৰদানৰ বাবে ডিজাইন কৰা হৈছে। এই অভিযানে আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা, দৃঢ়তা, আৰু উদ্যোগী মনোভাৱ প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও আমাৰ মহাকাশ খণ্ডৰ সংস্কাৰসমূহে উদ্ভাৱন আৰু উদ্যোগৰ বাবে সুযোগ কেনেদৰে নতুন নতুন পথ মুকলি কৰিছে, সেই কথাও দেখুৱাইছে ।

তেওঁ কয়, মই সকলো ভাৰতীয়কে, বিশেষকৈ আমাৰ যুৱ বন্ধুসকলক এই ঐতিহাসিক অভিযানটো চাবলৈ আহ্বান জনাইছো আৰু #IndiaWithVikram1 ব্যৱহাৰ কৰি টিম স্কাইৰুটৰ সফলতা কামনা কৰিছো। মন কৰিবলগীয়া যে স্কাইৰুট এৰ’স্পেচ হায়দৰাবাদৰ এটা কোম্পানী। কোম্পানীটোৱে এই অভিযানৰ আগমন বিক্ৰম-১ ৰকেটৰ নাম ৰাখিছে। আজি পুৱা ১১:৩০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণৰ কথা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande