
নতুন দিল্লী, ১8 জুলাই (হি.স.)। ডাক বিভাগ (ইণ্ডিয়া ডাক)ৰ বিভাগীয় শুভংকৰ (অফিচিয়েল মেস্কট) ডিজাইন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ নাগৰিকৰ পৰা প্ৰৱেশ আমন্ত্ৰণ জনাইছে। ইনোভেট ইণ্ডিয়া মাইগভ প্লেটফৰ্মত আৰম্ভ হৈছে মাস্কট ডিজাইন প্ৰতিযোগিতা। এই পদক্ষেপৰ লক্ষ্য হৈছে এনে এজন ব্ৰেণ্ড এম্বেছাদৰ সৃষ্টি কৰা যিয়ে ইণ্ডিয়া পোষ্টৰ নিৰ্ভৰযোগ্য সেৱা, আউটৰিচ, আৰু ডিজিটেল উদ্ভাৱনৰ বাবে সুনাম ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰিব পাৰে।
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৬ চনৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত যিকোনো ভাৰতীয় নাগৰিকে অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ মূল মাস্কট ডিজাইন, এটা উপযুক্ত নাম, আৰু এটা চমু ধাৰণা টোকা Innovate India MyGov পৰ্টেলত অনলাইন জমা দিব লাগিব।
প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ তিনিটা মেস্কট ডিজাইনৰ বাবে ৭৫,০০০ ₹, ৫০,০০০, আৰু ২৫,০০০ ₹ৰ নগদ পুৰস্কাৰ পৃথকে ৰখা হৈছে। শ্ৰেষ্ঠ তিনিগৰাকী নামে ক্ৰমে ২৫,০০০, ১৫,০০০, আৰু ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। সকলো বিজয়ীয়ে প্ৰমাণ পত্ৰও লাভ কৰিব। মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে মাস্কটৰ ডিজাইন আৰু নামকৰণৰ বাবে বঁটা পৃথক পৃথক শিতানত দিয়া হ’ব।
প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্বাচিত হোৱা এই মাস্কটটো ইণ্ডিয়া পোষ্টৰ অফিচিয়েল ব্ৰেণ্ড এম্বেছাদৰ হ’ব আৰু বিভাগটোৰ প্ৰচাৰ অভিযান, ডাক ষ্টাম্প, জনজাগৰণ কাৰ্যসূচী, প্ৰদৰ্শনী, ছ’চিয়েল মিডিয়া অভিযান, আৰু অন্যান্য চৰকাৰী যোগাযোগত ব্যৱহাৰ কৰা হ’ব।
ডাক বিভাগে ছাত্ৰ-ছাত্ৰী, ডিজাইনাৰ, শিল্পী, আৰু সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত সকলোকে এই প্ৰতিযোগিতাত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিভাগটোৱে উল্লেখ কৰিছে যে এই পদক্ষেপ কেৱল ইণ্ডিয়া পোষ্টৰ বাবে এক নতুন দৃশ্যগত পৰিচয় গঢ়ি তোলাৰ সুযোগেই নহয়, দেশৰ সৃষ্টিশীল প্ৰতিভাক ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তোলাৰ বাবেও এক মঞ্চ প্ৰদান কৰিব।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ