
শিলিগুৰি, ১৮ জুলাই (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নিশা পশ্চিম বংগ ভ্ৰমণৰ বাবে বাগডোগ্ৰা বিমানবন্দৰত উপস্থিত হয়, য’ত তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। শুভেন্দুৰ কেবিনেটৰ কেইবাজনো সদস্যৰ লগতে বিজেপিৰ একাংশ সাংসদ-বিধায়কো উপস্থিত থাকে। বিমানবন্দৰৰ পৰা কদমতলাস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰলৈ ৰাওনা হয় গৃহমন্ত্ৰীগৰাকী।
উত্তৰ বংগ ভ্ৰমণৰ সময়ত অমিত শ্বাহে শিলিগুৰিৰ উত্তৰকন্যা সচিবালয়ত সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়া আৰু ৰাজ্য আৰক্ষী প্ৰশাসনৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। এই বৈঠকত ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা, অনুপ্ৰৱেশ, চোৰাং ব্যৱসায়, আৰু সীমান্ত বেৰ দিয়াৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হ’ব। তদুপৰি তেওঁ ফুলবাৰী আৰু জুমগাছ সীমান্তৰ আউটপোষ্ট পৰিদৰ্শন কৰি ভূমিৰ পৰিস্থিতি পৰিদৰ্শন কৰিব।
ইয়াৰ পিছতে অমিত শ্বাহে কলকাতালৈ ৰাওনা হ’ব, য’ত তেওঁ ৰাজ্যৰ আৰক্ষী, জিলা প্ৰশাসন আৰু চোৰাংচোৱা সংস্থাৰ বিষয়াসকলৰ সৈতে আইন-শৃংখলা, সীমান্ত সুৰক্ষা, নতুন অপৰাধমূলক আইন ৰূপায়ণ আৰু প্ৰশাসনিক বিষয়সমূহৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া