জম্মুৰ পৰা ৩৬৩২ জন অমৰনাথ তীৰ্থযাত্ৰীৰ দল ৰাওনা
জম্মু, ১৮ জুলাই (হি.স.)। কটকটীয়া নিৰাপত্তাৰ মাজতে আজি জম্মুস্থিত ভাগৱতী নগৰ যাত্ৰী নিৱাস বেছ কেম্পৰ পৰা দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত গুহা মন্দিৰৰ দুটা বেছ কেম্পলৈ ৰাওনা হয় আন এটা ৩৬৩২ জন অমৰনাথ তীৰ্থযাত্ৰী। বিষয়াসকলে জনোৱা মতে, ১৪৮খন বাহনৰ কন
জম্মুৰ পৰা ৩৬৩২ জন অমৰনাথ তীৰ্থযাত্ৰীৰ দল ৰাওনা


জম্মু, ১৮ জুলাই (হি.স.)। কটকটীয়া নিৰাপত্তাৰ মাজতে আজি জম্মুস্থিত ভাগৱতী নগৰ যাত্ৰী নিৱাস বেছ কেম্পৰ পৰা দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত গুহা মন্দিৰৰ দুটা বেছ কেম্পলৈ ৰাওনা হয় আন এটা ৩৬৩২ জন অমৰনাথ তীৰ্থযাত্ৰী। বিষয়াসকলে জনোৱা মতে, ১৪৮খন বাহনৰ কনভয়ত ৩৬৩২জন তীৰ্থযাত্ৰী যাত্ৰা কৰে।

এই বেটচত বালতালৰ বাবে ১০০৮ জন আৰু পেহেলগামৰ বাবে ২৬২৪ জন তীৰ্থযাত্ৰী আছিল। অসামৰিক প্ৰশাসন, আৰক্ষী, নিৰাপত্তা বাহিনী, আৰু শ্ৰী অমৰনাথ শ্ৰাইন ব’ৰ্ডে যৌথ ব্যৱস্থা কৰি যাত্ৰা নিৰাপদ আৰু সুচাৰুৰূপে পৰিচালিত কৰিছে। মাত্ৰ ১৫ দিনতে ৩.৫ লাখ তীৰ্থযাত্ৰীৰ সীমা অতিক্ৰম কৰি নতুন ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শ্ৰী অমৰনাথ যাত্ৰা।

২০২৬ চনৰ শ্ৰী অমৰনাথ যাত্ৰা ৩ জুলাইৰ পৰা ২৮ আগষ্টলৈ চলিব। এই তীৰ্থযাত্ৰীক জম্মু-কাশ্মীৰৰ ৩৮৮৮ মিটাৰ উচ্চতাৰ পবিত্ৰ গুহা মন্দিৰলৈ লৈ যায়, যিটো দুটা মূল পথেৰে যাব পাৰি। ইয়াৰে পৰম্পৰাগত ৪৮ কিলোমিটাৰ পেহেলগাম পথ আৰু চুটি ১৪ কিলোমিটাৰ বালতাল পথ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande