ৰামনগৰ-ডেৰাডুন এক্সপ্ৰেছ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পতাকাৰ শুভাৰম্ভ
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰামনগৰ-ডেৰাডুন এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। উত্তৰাখণ্ডৰ কুমাওন অঞ্চলৰ ৰামনগৰক গড়ৱাল অঞ্চলৰ ৰাজধানী ডেৰাডুনৰ সৈতে সংযোগ কৰা এইখন প্ৰথম প্ৰত্যক্ষ এক্সপ্
रेल मंत्री अश्विनी वैष्णव ने रामनगर-देहरादून एक्सप्रेस को हरी झंडी दिखाकर उत्तराखंड में पहली सीधी ट्रेन सेवा की शुरुआत की।


रेल मंत्री अश्विनी वैष्णव ने रामनगर-देहरादून एक्सप्रेस को हरी झंडी दिखाकर उत्तराखंड में पहली सीधी ट्रेन सेवा की शुरुआत की।


নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰামনগৰ-ডেৰাডুন এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। উত্তৰাখণ্ডৰ কুমাওন অঞ্চলৰ ৰামনগৰক গড়ৱাল অঞ্চলৰ ৰাজধানী ডেৰাডুনৰ সৈতে সংযোগ কৰা এইখন প্ৰথম প্ৰত্যক্ষ এক্সপ্ৰেছ ৰেল। এই উপলক্ষে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও উপস্থিত থাকে।

ৰে’ল মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এই ৰে’লখন সপ্তাহত দুবাৰকৈ বুধবাৰ আৰু শুকুৰবাৰে চলিব। ১৫৩১০ নম্বৰৰ ৰে’ল ৰামনগৰৰ পৰা পুৱা ৫:৫০ বজাত যাত্ৰা কৰি নিশা ১২:৪০ বজাত ডেৰাডুনত উপস্থিত হ’ব। উভতি অহাৰ সময়ত ১৫৩০৯ নম্বৰৰ ৰে’লখন ডেৰাডুনৰ পৰা বিয়লি ৫:৫৫ বজাত ৰাওনা হ’ব আৰু নিশা ১০:৩০ বজাত ৰামনগৰত উপস্থিত হ’ব। বাটত কাশীপুৰ, ৰোশনপুৰ, পিপালছানা, মোৰাদাবাদ, নাজিবাবাদ, আৰু হৰিদ্বাৰ ষ্টেচনত ৰৈ যাব এই ৰেলখন।

এই ৰে’লখনত থাকিব এ চি ছেকেণ্ড ক্লাছ, এ চি থাৰ্ড ক্লাছ, এ চি চেয়াৰ কাৰ, স্লিপাৰ ক্লাছ, ছেকেণ্ড চিটিং, আৰু জেনেৰেল ছেকেণ্ড ক্লাছ কোচ। এই নতুন সেৱাৰ জৰিয়তে নৈনীতাল, উধম সিং নগৰ, হৰিদ্বাৰ, আৰু ডেৰাডুন জিলাৰ লগতে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আৰু বিজনোৰ জিলাৰ জনসাধাৰণ উপকৃত হ’ব।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই ৰে’লে দুয়োটা অঞ্চলৰ মাজত দ্ৰুত, সুবিধাজনক, আৰু নিৰ্ভৰযোগ্য ৰে’ল সংযোগ প্ৰদান কৰিব। হৰিদ্বাৰৰ ওপৰত চাপ কমোৱাৰ বাবে ঋষিকেশ ৰেলৱে ষ্টেচন ফিডাৰ ষ্টেচন হিচাপে গঢ়ি তোলা হ’ব। ইয়াৰ বাবে এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে। উত্তৰাখণ্ডৰ ডেৰাডুন, হৰিদ্বাৰ, কাশীপুৰ, কোটদ্বাৰ, ৰুৰকী, কাঠগোডামকে ধৰি ১১টা ৰেল ষ্টেচনৰ পুনৰ উন্নয়নৰ কাম দ্ৰুত গতিত চলি আছে।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ৰামনগৰ-ডেৰাডুন এক্সপ্ৰেছ মুকলি কৰাটো উত্তৰাখণ্ডৰ ৰে’ল সংযোগ শক্তিশালী কৰাৰ দিশত আন এক বৃহৎ পদক্ষেপ। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ধামীয়ে কয় যে ঋষিকেশ-কৰ্ণপ্ৰয়াগ ৰে’ল লাইনৰ কাম দ্ৰুতগতিত আগবাঢ়িছে আৰু ই উত্তৰাখণ্ডৰ সামাজিক, অৰ্থনৈতিক, ধৰ্মীয়, আৰু পৰ্যটন উন্নয়নৰ জীৱনৰেখা হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande