দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ লোকো পাইলট হৈ পৰিল ৰাজেশ কুমাৰ
চণ্ডীগড়, ১৭ জুলাই (হি.স.)। লোকো পাইলট ৰাজেশ কুমাৰ আৰু সহকাৰী লোকো পাইলট গগনদীপ সিঙে হাৰিয়ানাৰ জিন্দৰ পৰা আৰম্ভ হোৱা দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’লৰ পাইলট হিচাপে সন্মানিত হয়। কেইবামাহো প্ৰশিক্ষণৰ অন্তত আজি দুয়োগৰাকী কৰ্মচাৰীয়ে দায়িত্ব গ্ৰহণ কৰে।
सीनियर असिस्टेंट लोको पायलट गगनदीप सिंह रेल मंत्री अश्वनी वैष्ण्व काे नई ट्रेन के बारे में जानकारी देते हुए


रेल मंत्री अश्वनी वैष्णव जींद रेलवे स्टेशन पर हाइड्राेजन ट्रेन का अवलाेकन करते हुए


চণ্ডীগড়, ১৭ জুলাই (হি.স.)। লোকো পাইলট ৰাজেশ কুমাৰ আৰু সহকাৰী লোকো পাইলট গগনদীপ সিঙে হাৰিয়ানাৰ জিন্দৰ পৰা আৰম্ভ হোৱা দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’লৰ পাইলট হিচাপে সন্মানিত হয়। কেইবামাহো প্ৰশিক্ষণৰ অন্তত আজি দুয়োগৰাকী কৰ্মচাৰীয়ে দায়িত্ব গ্ৰহণ কৰে। এই যাত্ৰাক গোটেই জীৱন মনত ৰাখিব বুলি ৰে’ল কৰ্মচাৰীদ্বয়ে ব্য়ক্ত কৰে ।

ৰাজেশ কুমাৰক জিন্দৰ মুখ্য কাৰ্যালয়ত মকৰল কৰা হৈছে। তেওঁ এজন লোকো পাইলট (যাত্ৰী)। ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল চলোৱাৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছে। ৰাজেশ কুমাৰে কয় যে হাইড্ৰজেন ৰে’লখন সম্পূৰ্ণ নতুন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। গতানুগতিক ৰেলতকৈ ইয়াৰ শক্তি বেছি। ই শব্দ নিবাৰণকাৰী আৰু ই কোনো ধৰণৰ পৰিৱেশ প্ৰদূষণৰ সৃষ্টি নকৰে। ইয়াৰ পিক-আপৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি হৈছে, যাৰ ফলত ৰে’লৰ পৰিচালনা অধিক মসৃণ আৰু কাৰ্যক্ষম হৈ পৰিছে।

কুমাৰে কয় যে এই ৰে’লখনত হাইড্ৰজেন ফিউৱেল চেল আছে। হাইড্ৰজেন গেছ ইন্ধন কোষলৈ প্ৰায় ৮.৫ বাৰ চাপত যোগান ধৰা হয়, আনহাতে আনটো মূৰৰ পৰা অক্সিজেন প্ৰৱেশ কৰে। দুয়োৰে মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ ফলত বিদ্যুৎ, জলীয় বাষ্প আৰু পানী উৎপন্ন হয়। বিদ্যুতে ৰে’লখনক শক্তি প্ৰদান কৰে, আনহাতে জলীয় বাষ্প বায়ুমণ্ডললৈ ওলাই যায়, আৰু পানী ওলাই যায়।

জিন্দৰ মুখ্য কাৰ্যালয়ত নিয়োজিত জ্যেষ্ঠ সহকাৰী লোকো পাইলট গগনদীপ সিঙে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’লৰ সফল পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ প্ৰথমখন হাইড্ৰজেন ৰেল চলাবলৈ তেওঁ বিশেষ প্ৰশিক্ষণ লাভ কৰিছিল । শুকুৰবাৰে জিন্দত উপস্থিত হোৱা ৰে’ল মন্ত্ৰী অশ্বনী বৈষ্ণৱ আৰু অন্যান্য ভিআইপিক গগনদীপ সিঙে ৰে’লখনৰ চলাচল সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে।

গগনদীপ সিঙে কয় যে চেন্নাইৰ পৰা বিশেষজ্ঞসকলে তেওঁক ইয়াৰ কাৰিকৰী আৰু কাৰ্য্যকৰী প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰে। প্ৰায় ৩২০০ হৰ্চপাৱাৰৰ এই অত্যাধুনিক ৰেলখনত আঠটা ট্ৰেভেল ডবা আৰু দুখন পাৱাৰ গাড়ী আছে। এখন পাৱাৰ গাড়ী আগফালে আৰু আনখন পিছফালে অৱস্থিত, যাৰ ফলত ৰেলখনক প্ৰয়োজনীয় শক্তি প্ৰদান কৰা হয়।

এই ৰে’লগাড়ীখন আধুনিক সুৰক্ষা ব্যৱস্থাৰে সজ্জিত। জুইৰ সৈতে মোকাবিলা কৰিবলৈ এটা স্বয়ংক্ৰিয় অগ্নিনিৰ্বাপক ব্যৱস্থা স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰায় ২৬টা চেন্সৰ স্থাপন কৰা হৈছে, যিয়ে তাপ, জুই আৰু হাইড্ৰজেন গেছৰ লিক তৎক্ষণাত ধৰা পেলায়। এই ৰে’লখন সুৰক্ষাৰ ক্ষেত্ৰত অতি উন্নত আৰু বিশ্বমানৰ। গগনদীপ সিঙে কয় যে এয়া তেওঁৰ বাবে অপৰিসীম গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত। ভাৰতৰ প্ৰথমখন হাইড্ৰজেন ৰে’লৰ অংশ হোৱাটো এক অনন্য অভিজ্ঞতা ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande