
চেন্নাই, ১৭ জুলাই (হি.স.)। তামিলনাডুৰ ভেংকটাপথী ভেলায়ুধামে ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (এনইইটি)ত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে । পুনৰ পৰীক্ষাৰ ফলাফলত ৯৯.৯৯৯১৫% নম্বৰ লাভ কৰি ভেলায়ুধামে সৰ্বভাৰতীয় দ্বাদশ স্থান দখল কৰে।
শ্ৰীনিকা, সুন্দৰ, বনিশা সতীশকে ধৰি তামিলনাডুৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় অসাধাৰণ প্ৰদৰ্শনকাৰীৰ তালিকাত স্থান লাভ কৰি ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছে। এনইইটি স্নাতক চিকিৎসা পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ পিছত অনুষ্ঠিত পুনৰ পৰীক্ষাত নিজৰ ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থান দখল কৰিছে তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীয়ে।
প্ৰতিখন ৰাজ্যৰ পৰা এজনকৈ টপাৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা ৪৪ টা টপাৰৰ তালিকাত তামিলনাডুৰ ভেংকটাপথী ভেলায়ুধামে উল্লেখযোগ্য সফলতা লাভ কৰিছে । সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত এইগৰাকী ছাত্ৰই ৯৯.৯৯৯১৫% নম্বৰ লাভ কৰি ৰাজ্যিক পৰ্যায়ত প্ৰথম স্থান লাভ কৰে।
তামিলনাডুৰ চুবুৰীয়া কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ কৃষ্ণান্ত অভিনৱে পুডুচেৰী পৰ্যায়ত প্ৰথম স্থান দখল কৰে। অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত এইগৰাকী ছাত্ৰই সৰ্বভাৰতীয় ৰেংকিঙত ৯৯.৯৭২১% নম্বৰ লাভ কৰি ৫৫৩ নম্বৰ স্থান দখল কৰে।
সমগ্ৰ দেশৰ ১৩৮ গৰাকী টপাৰৰ তালিকাত স্থান লাভ কৰিছে তামিলনাডুৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। তেওঁলোক হ’ল- ভেংকটপথী ভেলায়ুধম, শ্ৰীণিকা, সুদৰ, বনিশা সতীশ, শবাৰী, জয়কৃষ্ণ, সংবিধা, নৱীত্তন, নিখিল, শিৱানন্দম, জননী স্বেথা, আৰু ৰোহিত মেথিউ। এই পৰীক্ষাত ২২ লাখ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ