
নতুন দিল্লী, ১৭ জুলাই (হি.স.)। সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, ছিংগাপুৰ, অষ্ট্ৰেলিয়াত ভাৰতীয় পাছপ’ৰ্ট আৰু ভিছা প্ৰদানৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা কাৰিকৰী মূল্যায়ন প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্তক কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আজি মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত চলি থকা বিচাৰপীঠৰ সন্মুখত এই বিষয়টোৰ কথা উল্লেখ কৰি আগতীয়াকৈ শুনানিৰ বাবে অনুৰোধ জনায়, তাৰ পিছত আদালতে ২০ জুলাইত শুনানিৰ নিৰ্দেশ দিয়ে।
১৫ জুলাইত উচ্চ ন্যায়ালয়ে সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, ছিংগাপুৰ, অষ্ট্ৰেলিয়াত ভাৰতীয় পাছপ’ৰ্ট আৰু ভিছা প্ৰদানৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা কাৰিকৰী মূল্যায়ন প্ৰক্ৰিয়া বাতিল কৰিছিল। ন্যায়াধীশ অনিল ক্ষেত্ৰপালৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই দেশসমূহত পাছপ’ৰ্ট আৰু ভিছা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট স্বেচ্ছাচাৰীতা আৰু স্বচ্ছতাৰ অভাৱ হোৱাটো পৰ্যবেক্ষণ কৰিছিল।
দৰাচলতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাছপ’ৰ্ট আৰু ভিছা প্ৰদানৰ বাবে নিবিদা আমন্ত্ৰণ জনাইছিল। সেই নিবিদাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কিছুমান কোম্পানীক কাৰিকৰীভাৱে অযোগ্য ঘোষণা কৰিছিল। কাৰিকৰীভাৱে অযোগ্য কোম্পানী দুটাৰ ভিতৰত ই-ট্ৰেভ টেক লিমিটেড আৰু ভেৰাছিছ লিমিটেডে বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে নিবিদা প্ৰক্ৰিয়াৰ পৰা অযোগ্য ঘোষণা কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনায়। সফল কোম্পানীসমূহৰ নিবিদা বাতিল কৰিবলৈও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। কিন্তু ৰাজহুৱা কাম-কাজত ব্যাঘাত নপৰিবলৈ বৰ্তমান পাছপ’ৰ্ট আৰু ভিছা প্ৰদান সেৱা প্ৰদান কৰা কোম্পানীসমূহক কাম অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হয়।
উচ্চ ন্যায়ালয়ে কয় যে, আইন অনুসৰি, শেহতীয়া নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে আৰু নতুন কোম্পানীয়ে দায়িত্ব লোৱালৈকে বৰ্তমানৰ কোম্পানীসমূহে কাম কৰি যাব। যোগ্যতাসম্পন্ন নম্বৰ প্ৰদানৰ ধৰণত কাৰিকৰী মূল্যায়ন স্বেচ্ছাচাৰী আছিল, আৰু নিবিদা প্ৰদান প্ৰক্ৰিয়াত কোনো স্বচ্ছতা নাছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সংশ্লিষ্ট ভাৰতীয় উচ্চায়ুক্তই সাধাৰণ বিত্তীয় নিয়মৰ ১৭৩(৪) আৰু ১৮৯ নং নিয়ম উলংঘা কৰে। প্ৰত্যাখ্যান কৰা নিবিদাকাৰীসকলক প্ৰত্যাখ্যান কৰাৰ কাৰণো অৱগত কৰা হোৱা নাছিল ।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ