
কলকাতা/মুৰ্ছিদাবাদ, ১৭ জুলাই (হি.স.)। পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত শুকুৰবাৰে পুৱা এখন স্কুল ভ্যান আৰু স্থানীয় ৰে’লৰ খুন্দাত তিনিজন স্কুলীয়া ছাত্ৰসহ চাৰিজন লোক নিহত হোৱাৰ লগতে আন তিনিজন আৰু ভ্যান চালক গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজনকে মুৰ্ছিদাবাদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে বিষয়াসকলে।
আজিমগঞ্জ-কাটোৱা ৰে’লপথৰ কৰ্ণসুবৰ্ণ ষ্টেচন আৰু গোবিন্দপুৰ ৰেলৱে ক্ৰছিঙৰ মাজত পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে, ডাউন লাইনত আহি আছিল নিমটিতা-কটোৱা স্থানীয় ৰে’ল । হাওৰা অভিমুখী নৱদ্বীপ এক্সপ্ৰেছখন আপ লাইনত কিছু সময়ৰ আগতে পাৰ হৈ গৈছিল। অভিযোগ অনুসৰি ভ্যানখন পাৰ হৈ যোৱাৰ পিছতো গেট বন্ধ নাছিল।
স্থানীয় ৰাইজৰ মতে, এখন স্কুল ভ্যানে ৰে’ল লাইন পাৰ হৈ গৈ থকা অৱস্থাত গেট খোলা দেখা পায়। ঠিক তেনে সময়তে তীব্ৰবেগী নিমতিতা-কটোৱা স্থানীয় ৰে’লে ভ্যানখনত খুন্দা মাৰে । ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে ভ্যানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
দুৰ্ঘটনাটোত তিনিগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় এজন লোকৰ থিতাতে মৃত্যু হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু ৰে’লৱেৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰীয়ে গুৰুতৰভাৱে আহত তিনিটা শিশু আৰু ভ্যান চালকজনক উদ্ধাৰ কৰি মুৰ্ছিদাবাদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যায়।
একাংশ প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে যে গেটকিপাৰজন মদ্যপান কৰি থকাৰ অভিযোগ। অৱশ্যে এই অভিযোগ আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। এই দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী আৰু ৰে’ল কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। ৰে’লৱেৰ তদন্তকাৰী দল এটাও ঘটনাস্থলীলৈ ৰাওনা হৈছে। দুৰ্ঘটনাটোৰ পৰিস্থিতি আৰু কোনো ধৰণৰ গাফিলতি জড়িত আছিল নে নাই সেইটো নিৰ্ণয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিষয়াসকলে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ