মুৰ্ছিদাবাদ ৰে'ল দুৰ্ঘটনাঃ তত্বাৱধায়ক নিলম্বিত, গেটমেনক গ্ৰেপ্তাৰ, প্ৰতিজন ভুক্তভোগীৰ পৰিয়াললৈ ১০ লাখ সাহায্য
কলকাতা, ১৭ জুলাই (হি.স.)। পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত আজি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পিছতে কৰ্তব্যত গাফিলতিৰ বাবে গেটমেন আৰু ইয়াৰ তত্বাৱধায়কক তাৎক্ষণিকভাৱে নিলম্বন কৰে পূব ৰে’লৱেয়ে । ঘটনাৰ কিছু সময়ৰ পিছতে বাহাৰমপুৰ আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰে গেটম
रेल दुर्घटना


কলকাতা, ১৭ জুলাই (হি.স.)। পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত আজি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পিছতে কৰ্তব্যত গাফিলতিৰ বাবে গেটমেন আৰু ইয়াৰ তত্বাৱধায়কক তাৎক্ষণিকভাৱে নিলম্বন কৰে পূব ৰে’লৱেয়ে । ঘটনাৰ কিছু সময়ৰ পিছতে বাহাৰমপুৰ আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰে গেটমেনক। ইষ্টাৰ্ণ ৰেলৱেই প্ৰতিজন ভুক্তভোগীৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। লগতে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক ₹৫ লাখ টকা প্ৰদান কৰিব।

আৰক্ষী আৰু স্থানীয় ৰাইজৰ মতে শুকুৰবাৰে পুৱা প্ৰায় ৭:৩০ বজাত কৰ্ণসুবৰ্ণ ষ্টেচন আৰু গোবিন্দপুৰৰ মাজৰ ৰেলৱে লেভেল ক্ৰছিঙত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, হাওৰা-নৱদ্বীপ এক্সপ্ৰেছ পাৰ হৈ যোৱাৰ পিছত গেটমেনে গেটখন খুলিছিল। গেট খোলা দেখি স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা টাটা ছুমো এখন ৰে'লপথ পাৰ হ’বলৈ ধৰিলে। ইফালে তীব্ৰবেগী নিমতা-কটোৱা স্থানীয় ৰে’লখনে গাড়ীখনত খুন্দা মাৰে।

দুৰ্ঘটনাত দুই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন যুৱকে চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। আন চাৰিজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনাটোৰ তদন্তৰ বাবে ইষ্টাৰ্ণ ৰে’লৱেই অতিৰিক্ত সংমণ্ডলীয় ৰে’লৱে পৰিচালকৰ নেতৃত্বত ১০ জনীয়া উচ্চ পৰ্যায়ৰ তদন্ত সমিতিখনক এই স্থানলৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাটোৰ কাৰণ আৰু সম্ভাৱ্য গাফিলতিৰ সবিশেষ তদন্ত কৰিব কমিটীয়ে। ইষ্টাৰ্ণ ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ৰে’লৱেই নিজৰ শূন্য সহনশীলতা নীতিৰ অধীনত এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ উল্লেখ কৰে যে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰা হ’ব আৰু আইন অনুসৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আহতসকলৰ চিকিৎসাৰ বাবে ৰে’লৱে চিকিৎসা দলো মোতায়েন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande