ৰাষ্ট্ৰপতি মুৰ্মুৰ ১৯ জুলাইৰ পৰা ২৫ জুলাইলৈ মলদোভা, উত্তৰ মেচিডোনিয়া, আৰু ৰোমানিয়াত ৰাজ্যিক ভ্ৰমণ
নতুন দিল্লী, ১৭ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৯ জুলাইৰ পৰা ২৫ জুলাইলৈ মলদোভা, উত্তৰ মেচিডোনিয়া, আৰু ৰোমানিয়াত ৰাজ্যিক ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ তিনিওখন দেশৰ শীৰ্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু বিভিন্ন খণ্ডত
राष्ट्रपति द्रोपदी मुर्मु (फाइल फोटो)


নতুন দিল্লী, ১৭ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৯ জুলাইৰ পৰা ২৫ জুলাইলৈ মলদোভা, উত্তৰ মেচিডোনিয়া, আৰু ৰোমানিয়াত ৰাজ্যিক ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ তিনিওখন দেশৰ শীৰ্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু বিভিন্ন খণ্ডত বাণিজ্য, বিনিয়োগ আৰু সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব।

শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ৰাষ্ট্ৰপতি মাইয়া চান্দুৰ আমন্ত্ৰণত ২০ জুলাইত মলদোভাত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মু। ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হ’ব প্ৰথম মলদোভা ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব তেওঁৰ সমকক্ষ মাইয়া চান্দুৰ সৈতে। মলদোভা সংসদৰ অধ্যক্ষ ইগ’ৰ গ্ৰ’ছুৰ সৈতেও সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতিয়ে মলদোভা-ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত-মলদোভা ব্যৱসায়িক মঞ্চতো ভাষণ দিব আৰু ভাৰতীয় সমাজৰ সদস্যসকলক সাক্ষাৎ কৰিব।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত আৰু মলদোভাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক লাভ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কক এক ব্যাপক অংশীদাৰিত্বলৈ উন্নীত কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হ’ব। কৃষি, স্বাস্থ্য আৰু চিকিৎসা, তথ্য প্ৰযুক্তি, শিক্ষা আদি ক্ষেত্ৰত সহযোগিতাৰ বিপুল সম্ভাৱনা আছে।

ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভস্কা-ডাভকোভাৰ আমন্ত্ৰণত ২১ আৰু ২২ জুলাইত ৰাষ্ট্ৰপতি মুৰ্মুৱে উত্তৰ মেচিডোনিয়ালৈ ৰাজ্যিক ভ্ৰমণ গ্ৰহণ কৰিব। ভাৰতীয় ৰাষ্ট্ৰপতিৰ উত্তৰ মেচিডোনিয়ালৈও এয়া প্ৰথম ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভস্কা-ডাভকোভা, প্ৰধানমন্ত্ৰী ক্ৰীষ্টিজান মিকোস্কি, আৰু বিধানসভাৰ অধ্যক্ষৰ সৈতে সাক্ষাৎ কৰিব আৰু উত্তৰ মেচিডোনিয়াৰ বিধানসভাত ভাষণ দিব। ভাৰত-উত্তৰ মেচিডোনিয়া ব্যৱসায়িক মঞ্চতো অংশগ্ৰহণ কৰিব। কৃষি, চিকিৎসা, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, আৰু আই টি ই এছৰ দৰে অগ্ৰাধিকাৰ খণ্ডত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশৰ বিশেষ আগ্ৰহ আছে।

ইয়াৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি নিকুছ’ৰ ডানৰ আমন্ত্ৰণত ২৩ জুলাইৰ পৰা ২৫ জুলাইলৈ ৰোমানিয়ালৈ ৰাজ্যিক ভ্ৰমণ কৰিব। তিনি দশকৰো অধিক সময়ৰ ভিতৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৰোমানিয়া ভ্ৰমণৰ এয়া হ’ব প্ৰথম। তেওঁৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি নিকুছৰ ডেন, অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ইলি বলোজান, চেনেটৰ সভাপতি মিৰ্চিয়া আব্ৰুডিয়ান, চেম্বাৰ অৱ ডেপুটিজৰ সভাপতি ছ’ৰিন গ্ৰীণ্ডেঅ’আনু, আৰু ৰোমানিয়া-ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলক সাক্ষাৎ কৰিব। ভাৰত-ৰোমানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে ইউৰোপীয় সংঘৰ ভিতৰত ৰোমানিয়া ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ, আৰু ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সম্পূৰ্ণ হ’লে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই তিনিখন দেশলৈ ৰাষ্ট্ৰপতিৰ ৰাজ্যিক ভ্ৰমণে পূব ইউৰোপীয় অঞ্চলৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সংযোগ আৰু এই দেশসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande