টিএমচিৰ ৰাজ্যসভাৰ সদস্য কোয়ল মল্লিকৰ পদত্যাগ
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। তৃণমূল কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য ৰুক্মিণী কোয়ল মল্লিকে ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে। সূত্ৰ অনুসৰি মল্লিকে ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে । উল্লেখ্য যে এপ্ৰিল মাহত টিএমচিয
कोयल मलिक, टीएमसी की नेता


নতুন দিল্লী, ১৬ জুলাই (হি.স.)। তৃণমূল কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য ৰুক্মিণী কোয়ল মল্লিকে ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে।

সূত্ৰ অনুসৰি মল্লিকে ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে । উল্লেখ্য যে এপ্ৰিল মাহত টিএমচিয়ে ৰাজ্যসভালৈ মনোনীত কৰিছিল মল্লিকক। তৃণমূল কংগ্ৰেছৰ বিধায়ক তথা মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী মদন মিত্ৰই ৰীতাব্ৰত বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী দলত যোগদান কৰাৰ এদিন পিছতে তেওঁৰ পদত্যাগ কৰাৰ ঘটনা ঘটে।

কোয়ল মল্লিকৰ পদত্যাগৰ ফলত ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ সদস্যৰ সংখ্যা ৯জনলৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে সুখেন্দু শেখৰ ৰায়, সুষ্মিতা দেৱ আৰু প্ৰকাশ চিক বৰাইকে ইয়াৰ পূৰ্বে ৰাজ্যসভা আৰু তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ইয়াৰ পাছত তিনিওজনে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande