
বাৰাণসী, ১৬ জুলাই (হি.স.)। স্বামী আৰু দুই পুত্ৰক হেৰুৱাই সাংসাৰিক জীৱনৰ পৰা বিৰক্ত হৈ পৰা তামিলনাডুৰ এগৰাকী ৮০ বছৰীয়া বৃদ্ধাই ধৰ্মীয় আৰু জনকল্যাণৰ উদ্দেশ্যে শ্ৰী কাশী বিশ্বনাথ মন্দিৰলৈ ৩ কোটি টকা আগবঢ়াইছে। মহিলাগৰাকীৰ ইচ্ছাক সন্মান জনাই মন্দিৰ প্ৰশাসনে তেওঁৰ পৰিচয় কঠোৰভাৱে গোপনীয় কৰি ৰাখিছে।
মন্দিৰ প্ৰশাসনৰ তথ্য অনুসৰি মহিলাগৰাকীয়ে মৃত পুত্ৰ দুজনৰ স্মৃতিত ২ কোটি টকা আৰু মন্দিৰৰ অন্নক্ষেত্ৰৰ বাবে ১ কোটি টকা মন্দিৰ ট্ৰাষ্টলৈ আগবঢ়াইছে। এই মন্দিৰটোৱে আজিলৈকে লাভ কৰা সৰ্ববৃহৎ ব্যক্তিগত অনুদান বুলি গণ্য কৰা হয়। ইয়াৰ পূৰ্বে আম্বানী পৰিয়ালে মন্দিৰলৈ ২.৫ কোটি টকা।
মহিলাগৰাকীয়ে বাৰাণসী বিভাগীয় আয়ুক্ত এছ ৰাজলিংগামক ইমেইলযোগে মন্দিৰলৈ দান দিয়াৰ ইচ্ছা প্ৰকাশ কৰি ব্যক্তিগত বৈঠকৰ অনুৰোধ জনাইছিল। ইয়াৰ পিছতে বিষয়াসকলে তেওঁৰ সৈতে যোগাযোগ কৰে। প্ৰথমে মহিলাগৰাকীয়ে নিজৰ পৰিচয় গোপনীয় ৰখাৰ বাবে অনুৰোধ জনাইছিল।
মহিলাগৰাকীয়ে তেওঁৰ মেনেজাৰৰ সৈতে ১২ জুলাইত সংমণ্ডল আয়ুক্তক সাক্ষাৎ কৰি মুঠ ৩ কোটি টকাৰ দুখন চেক দিয়ে। লগতে শ্ৰী কাশী বিশ্বনাথ মন্দিৰত বাৰ্ষিক ৰুদ্ৰাভিষেকৰ বাবে এই ধন ব্যৱহাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰি ₹২৫,০০০ টকাকৈ পাঁচখন পৃথক চেক দিয়ে। দানৰ আনুষ্ঠানিকতা সম্পূর্ণ কৰি শ্রী কাশী বিশ্বনাথ মন্দিৰত ৰীতি নীতিৰে পূজা সম্পন্ন কৰি কোনো প্রচাৰ নোহোৱাকৈ বাৰাণসীৰ পৰা উভতি আহে ৷
মন্দিৰ ট্ৰাষ্টৰ মতে, বিগত দুবছৰত কেৱল অন্নক্ষেত্ৰৰ বাবে প্ৰাপ্ত অনুদানৰ পৰিমাণ হৈছে প্ৰায় ২ কোটি ₹। ২০২৬ চনত ₹৫০ হেজাৰতকৈ অধিক ধন আগবঢ়োৱা ১৬ জন ভক্তই মুঠ ১.১৪ কোটি ₹ অন্নক্ষেত্ৰত বৰঙণি আগবঢ়ায়। কাশী বিশ্বনাথ ধাম কৰিডৰ নিৰ্মাণৰ পূৰ্বে মন্দিৰটোৱে বছৰি প্ৰায় ২০ কোটি ₹ অনুদান লাভ কৰিছিল, যিটো এতিয়া প্ৰায় ₹৮৪ কোটিলৈ বৃদ্ধি পাইছে। ২০২২ চনত দক্ষিণ ভাৰতৰ এগৰাকী ভক্তইও মন্দিৰটোলৈ ৬০ কিলোগ্ৰাম সোণ দান কৰিছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ