উৎকোচ বা দুৰ্নীতিৰ অভিযোগ উত্থাপন হ’লেই তৎক্ষণাত হেৰুৱাব মন্ত্ৰী পদঃ মুখ্যমন্ত্ৰী বিজয়
চেন্নাই, ১৬ জুলাই (হি.স.)। তামিলনাডু ভেত্ৰী কাঝাগাম (টিভিকে) চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী বিজয়ে মন্ত্ৰীসকলক দুৰ্নীতি আৰু অনুশাসনৰ বিষয়ত কঠোৰ বাৰ্তা প্ৰদান কৰে। বৃহস্পতিবাৰে সচিবালয়ত অনুষ্ঠিত বৈঠকত তেওঁ স্পষ্টভাৱে কয় যে যদি কোনো
आज चेन्नई के मंत्रालय में हुए तमिलनाडु वेत्रि कलंगम (टीवीके) सरकार की दूसरी कैबिनेट बैठक


চেন্নাই, ১৬ জুলাই (হি.স.)। তামিলনাডু ভেত্ৰী কাঝাগাম (টিভিকে) চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী বিজয়ে মন্ত্ৰীসকলক দুৰ্নীতি আৰু অনুশাসনৰ বিষয়ত কঠোৰ বাৰ্তা প্ৰদান কৰে। বৃহস্পতিবাৰে সচিবালয়ত অনুষ্ঠিত বৈঠকত তেওঁ স্পষ্টভাৱে কয় যে যদি কোনো মন্ত্ৰীক উৎকোচ বা দুৰ্নীতিৰ গুৰুতৰ অভিযোগত দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁক তৎক্ষণাত কেবিনেটৰ পৰা অপসাৰণ কৰা হ’ব। চৰকাৰৰ কোনো স্তৰতে অনিয়ম বা দুৰ্নীতি সহ্য কৰা নহ’ব বুলিও তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰী বিজয়ে উল্লেখ কৰে যে তেওঁৰ চৰকাৰ সম্পূৰ্ণ স্বচ্ছ, জবাবদিহি আৰু জনস্বাৰ্থৰ প্ৰতি উৎসৰ্গিত হ’ব। তেওঁ মন্ত্ৰীসকলক কয় যে যদি কোনো বিভাগত বৃহৎ পৰিসৰৰ দুৰ্নীতি বা অনিয়মৰ অভিযোগ পোৱা যায় তেন্তে সংশ্লিষ্ট মন্ত্ৰীজনক জগৰীয়া কৰা হ’ব, আৰু কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ স্পষ্ট কৰি দিয়ে যে সংশ্লিষ্ট ব্যক্তিজন দীৰ্ঘদিন ধৰি দলৰ সৈতে জড়িত আছে নে আন পক্ষৰ পৰা আহিছে, সেই কথা গুৰুত্ব নিদিয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

বৈঠকত মুখ্যমন্ত্রীয়ে মন্ত্রী আৰু দলীয় বিষয়ববীয়াসকলক পৰিদর্শনৰ আঁত ধৰি চৰকাৰী কার্যালয় আৰু বিদ্যালয়ত অযথা হস্তক্ষেপ পৰিহাৰ কৰিবলৈও নির্দেশ দিয়ে৷ বিশেষকৈ বিদ্যালয়ৰ সময়ত চৰকাৰী বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত ব্যাঘাত জন্মাটো অনুচিত বুলি তেওঁ উল্লেখ কৰে। বিদ্যালয় পৰিদৰ্শনৰ সময়ত ভিডিঅ’ বনাই তাৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ প্ৰৱণতাক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে শেহতীয়া একাংশ মন্ত্রী আৰু দলীয় বিষয়াৰ কার্যকলাপে চৰকাৰক অযথা সমালোচনাৰ সৃষ্টি কৰিছে ৷ তেওঁ নিৰ্দেশ দিয়ে যে প্ৰচাৰ লাভৰ উদ্দেশ্যে নহয়, কেৱল প্ৰশাসনিক প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি পৰিদৰ্শন কৰিব লাগে। তেওঁ স্পষ্টভাৱে কয় যে ৰিল সৃষ্টি কৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ প্ৰৱণতা এৰাই চলিব লাগে, আৰু জনপ্ৰতিনিধিসকলে প্ৰচাৰৰ পৰিৱৰ্তে নিজৰ দায়িত্ব পালনত গুৰুত্ব দিব লাগে।

বিজয়ে লগতে সোঁৱৰাই দিয়ে যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ ফটো বিদ্যালয়ত প্ৰদৰ্শন কৰা আৰু তেওঁৰ ভাষণ লাইভষ্ট্ৰীম কৰা আদি কামত জড়িত একাংশ অধ্যক্ষ আৰু দলীয় বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ ইংগিত দিয়ে যে অনুশাসনহীনতাৰ বিৰুদ্ধে একেধৰণৰ কঠোৰ ব্যৱস্থা ভৱিষ্যতেও অব্যাহত থাকিব ।

বিত্ত বিভাগৰ বিষয়াসকলৰ পৰা লাভ কৰা তথ্যৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী বিজয়ে কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত সংঘটিত অনিয়মসমূহ চিনাক্ত কৰি নিৰ্মূল কৰা আৰু চৰকাৰী ৰাজহ বৃদ্ধি কৰাটো প্ৰতিজন মন্ত্ৰীৰ প্ৰাথমিক দায়িত্ব হ’ব লাগে । তেওঁ কয় যে মন্ত্ৰীসকলৰ মাজত সুস্থ প্ৰতিযোগিতা হ’ব লাগে যে কোনে নিজৰ বিভাগত স্বচ্ছতা বৃদ্ধি কৰি আৰু অনিয়ম দূৰ কৰি চৰকাৰৰ বাবে সৰ্বাধিক ৰাজহ লাভ কৰিব পাৰে । তেওঁ নিজেই নিয়মিতভাৱে প্ৰতিটো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিব বুলি উল্লেখ কৰে ।

মন কৰিবলগীয়া যে চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত মূলতঃ বিভিন্ন উন্নয়ন পৰিকল্পনা অনুমোদন দিয়াত গুৰুত্ব দিয়া হৈছিল, আনহাতে দ্বিতীয়খন বৈঠকৰ প্ৰধান উদ্দেশ্য আছিল মন্ত্ৰীসকলক সুশাসন, স্বচ্ছতা, জবাবদিহিতা, অনুশাসন সম্পৰ্কে স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande