শুকুৰবাৰে হাৰিয়ানাৰ জিন্দ ৰে’লৱে ষ্টেচনৰ পৰা দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে হাৰিয়ানাৰ জিন্দ ৰে’ল ষ্টেচনৰ পৰা জিন্দ আৰু শোনিপাটৰ মাজত দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল ফ্লেগ অফ কৰিব । প্ৰায় ২৬০০ যাত্ৰী ক্ষমতাসম্পন্ন এই ৰে’লখন হাইড্ৰজেন চালিত বিদ্যুতেৰে চলিব আৰু ইয
भारत की पहली स्वदेशी ग्रीन हाइड्रोजन ट्रेन


নতুন দিল্লী, ১৬ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে হাৰিয়ানাৰ জিন্দ ৰে’ল ষ্টেচনৰ পৰা জিন্দ আৰু শোনিপাটৰ মাজত দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল ফ্লেগ অফ কৰিব । প্ৰায় ২৬০০ যাত্ৰী ক্ষমতাসম্পন্ন এই ৰে’লখন হাইড্ৰজেন চালিত বিদ্যুতেৰে চলিব আৰু ইয়াত কোনো ধৰণৰ ধোঁৱা বা কাৰ্বন নিৰ্গমন নহ’ব। ই কাম কৰাৰ সময়ত কেৱল জলীয় বাষ্প আৰু তাপ নিৰ্গত কৰে।

বৃহস্পতিবাৰে ৰে’ল মন্ত্ৰালয়ে ঘোষণা কৰে যে দেশৰ ৯৯ শতাংশতকৈও অধিক ব্ৰড গেজ ৰে’ল নেটৱৰ্ক বিদ্যুৎ সংযোগ কৰি ৰে’লৱে স্বচ্ছ শক্তিৰ দিশত আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ওভাৰহেড পাৱাৰ লাইনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে এই ৰেলখনে বায়ুৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰে। ই দুখন পাৱাৰ গাড়ী আৰু আঠখন যাত্ৰীবাহী ডবাৰে গঠিত ১০টা ডবাযুক্ত ৰে’ল। প্ৰতিখন পাৱাৰ গাড়ীত ইন্ধন কোষ, বেটাৰী, হাইড্ৰজেন চিলিণ্ডাৰ থাকে। ৰে’লখনৰ ডিজাইনৰ গতিবেগ প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ, আনহাতে জিন্দ-শোনিপাট অংশত প্ৰতি ঘণ্টাত ৭৫ কিলোমিটাৰ গতিৰে চলাচল কৰিব।

ৰে’ল মন্ত্ৰালয়ৰ মতে, বিশ্বৰ বহু দেশত হাইড্ৰ’জেন ৰে’ল চলি আছে যদিও সাধাৰণতে ইয়াৰ দুটাৰ পৰা চাৰিটা ডবা থাকে। ভাৰতৰ ১০খন কোচৰ এই ৰে’লখন ক্ষমতাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হাইড্ৰ’জেন যাত্ৰীবাহী ৰে’লৰ ভিতৰত অন্যতম। ৰে’লত হাইড্ৰ’জেনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত হোৱাৰ বাবে বহুস্তৰীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হাইড্ৰজেন লিক, জুই, ধোঁৱা, আৰু উচ্চ উষ্ণতা তৎক্ষণাত ধৰা পেলাব পৰাকৈ চেন্সৰ স্থাপন কৰা হৈছে। কোনো ধৰণৰ বিসংগতি হ’লে হাইড্ৰ’জেন যোগান স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব। জিন্দৰ ৰে’ল আৰু হাইড্ৰ’জেন প্লাণ্ট দুয়োটাতে আধুনিক অগ্নিনিৰ্বাপক ব্যৱস্থাৰে সজ্জিত।

হাৰিয়ানাৰ জিন্দত এই ৰে’লৰ বাবে নিৰ্মাণ কৰা হৈছে দেশৰ সৰ্ববৃহৎ ৰে’লৱে হাইড্ৰ’জেন ইন্ধন ভৰোৱা ব্যৱস্থা। ইয়াত পানীৰ পৰা হাইড্ৰজেন উৎপন্ন কৰি নিৰাপদে সংৰক্ষণ কৰা হয় আৰু তাৰ পিছত ৰেলত ইন্ধন ভৰোৱা হয়। এই সুবিধাই পেট্ৰলিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থা (পিইএছও)ৰ পৰা অনুমোদন লাভ কৰিছে। ৰে’ল মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ৰে’লখন সেৱাত প্ৰৱেশ কৰাৰ পূৰ্বে ইয়াৰ বৈদ্যুতিক ব্যৱস্থা, ব্ৰেক, যোগাযোগ ব্যৱস্থা, গতিৰ সৈতে জড়িত অসংখ্য কাৰিকৰী পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰা হৈছিল। তদুপৰি জাৰ্মানীৰ স্বতন্ত্ৰ সংস্থা টিইউভি এছইউডি (TÜV SÜD) য়েও ৰেলখনৰ সুৰক্ষা পৰীক্ষা কৰিছিল।

ভাৰতীয় ৰে’লৱেৰ নেতৃত্বত এই প্ৰকল্পত ৰিচাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যন (আৰ ডি এছ অ’), ইন্টিগ্ৰেল ক’চ ফেক্টৰী (আই চি এফ), আৰু মেধা চাৰ্ভো ড্ৰাইভে মূল ভূমিকা পালন কৰিছিল। ৰে’ল মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এই প্ৰকল্পৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত ভৱিষ্যতে কলকা-শিমলা আদি পথত হাইড্ৰ’জেন ৰে’ল চলোৱাৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পটোক ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান আৰু পৰিৱেশ অনুকূল ৰেল পৰিবহণৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande