বৰ্ষাকালিন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছ সংসদীয় দলৰ বৈঠক; প্ৰণামী চুৰি, প্ৰশ্ন কাকত ফাদিল, ই-২০ আদি বিষয়ত চৰকাৰক ঘেৰিব কংগ্ৰেছে
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। সংসদৰ ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালিন অধিৱেশনৰ পূৰ্বে বুধবাৰে কংগ্ৰেছ সংসদীয় দলৰ কৌশল বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ল
संसद के मानसून सत्र से पहले सोनिया गांधी की अध्यक्षता में कांग्रेस संसदीय दल की बैठक में मौजूद कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे, कांग्रेस संसदीय दल की अध्यक्ष सोनिया गांधी और लोकसभा में नेता प्रतिपक्ष राहुल गांधी समेत तमाम नेता।


संसद के मानसून सत्र से पहले सोनिया गांधी की अध्यक्षता में कांग्रेस संसदीय दल की बैठक में मौजूद कांग्रेस कांग्रेस संसदीय दल की अध्यक्ष सोनिया गांधी और लोकसभा में नेता प्रतिपक्ष राहुल गांधी ।


নতুন দিল্লী, ১৬ জুলাই (হি.স.)। সংসদৰ ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালিন অধিৱেশনৰ পূৰ্বে বুধবাৰে কংগ্ৰেছ সংসদীয় দলৰ কৌশল বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ লগতে আন সংসদীয় দলৰ সদস্যসকল উপস্থিত থাকে। আগন্তুক অধিৱেশনৰ বাবে বিৰোধীৰ কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি খৰ্গে এক্সত লিখিছে যে প্ৰণামী চুৰিৰ, বিশ্বাস বিশ্বাসঘাতকতা, প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাৰ অৱনতি, প্ৰতিষ্ঠানিক দখল, ৰাজনৈতিক দল বিভাজন, দুৰ্নীতি, মুদ্ৰাস্ফীতি, বৈদেশিক নীতিৰ বিফলতাৰ অভিযোগ, ইথানল মিশ্ৰণৰ বাবে হেঁচা, নিৰ্বিচাৰে বনাঞ্চল ধ্বংস আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি আৰু সংখ্যালঘুৰ অধিকাৰৰ ওপৰত আক্ৰমণ আদি বিষয়ত কংগ্ৰেছ দলে মোডী চৰকাৰক ঘেৰি ৰাখিব । এই গুৰুতৰ উদ্বেগসমূহৰ বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়, আৰু দলটোৱে এই বিষয়সমূহ সংসদত কঠোৰভাৱে উত্থাপন কৰাৰ সিদ্ধান্ত লয়।

বৈঠকৰ অন্তত কংগ্ৰেছৰ সাধাৰণ সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশ আৰু ৰাজ্যসভাৰ সাংসদ চৈয়দ নাছিৰ হুছেইনে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰে। তেওঁলোকে উল্লেখ কৰে যে এই বৈঠকত দলটোৱে সংসদত উত্থাপন কৰিবলগীয়া বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। চৰকাৰে উত্থাপন কৰিবলৈ চেষ্টা কৰা বিধেয়কসমূহ প্ৰতিহত কৰাৰ কৌশল সন্দৰ্ভতো আলোচনা কৰে। জয়ৰাম ৰমেশে উল্লেখ কৰে যে এই বৈঠক প্ৰায় ডেৰ ঘণ্টা ধৰি চলিছিল আৰু সীমা নিৰ্ধাৰণ বিধেয়ক, সংবিধান সংশোধনী বিধেয়ক, উন্নত ভাৰত শিক্ষা ভেটি বিধেয়ক, আৰু এফ চি আৰ এ বিলৰ ওপৰত আলোচনা কৰা হৈছিল। কংগ্ৰেছে এই বিধেয়কসমূহৰ তীব্ৰ বিৰোধিতা কৰিব।

ৰমেশে উল্লেখ কৰে যে চৰকাৰে ১৯ জুলাইত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে, য’ত অধিৱেশনৰ কাৰ্যসূচী ঘোষণা কৰা হ’ব। সৰ্বদলীয় বৈঠকত ৩৫ জন লোকে অংশগ্ৰহণ কৰে যদিও চৰকাৰৰ হৈ মাত মাতে মাত্ৰ চাৰিজন। কংগ্ৰেছে সীমা নিৰ্ধাৰণ বিধেয়কখনৰ বিৰোধিতা কৰিব কাৰণ চৰকাৰে মহিলা সংৰক্ষণৰ নামত গৃহীত কৰিব বিচাৰিছে। ইয়াৰ পূৰ্বেও বিৰোধীয়ে বিৰোধিতা কৰি আহিছে আৰু কৰি যাব।

কংগ্ৰেছে কয় যে কংগ্ৰেছে “প্ৰণামী চুৰি”, বিশ্বাস প্ৰতাৰণা, পৰীক্ষা আৰু শিক্ষা ব্যৱস্থাৰ অনিয়ম, নীট পৰীক্ষাৰ বিতৰ্ক, “ই২০ কেলেংকাৰী”, দুৰ্বল হৈ পৰা বৈদেশিক নীতি, বাৰিষা অধিবেশনত মুদ্ৰাস্ফীতি আদি বিষয় উত্থাপন কৰিব। চৰকাৰৰ কথা-কাৰ্য্যৰ মাজত অমিল। ইয়াৰ পূৰ্বেও বিৰোধীয়ে মহিলা সংৰক্ষণক সমৰ্থন কৰিছিল যদিও চৰকাৰে ইয়াক সীমা নিৰ্ধাৰণ বিধেয়কৰ সৈতে সংযোগ কৰি গৃহীত কৰে।

তেওঁ কয় যে সংসদৰ বাৰিষা অধিৱেশন ১৯ দিন চলিব, ইয়াৰে ১৬ দিনৰ বাবে কাৰ্য্যবিধি অনুষ্ঠিত হ’ব। কংগ্ৰেছে চৰকাৰৰ প্ৰতিটো পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰিব আৰু বিৰোধী ঐক্যৰে সংসদত ৰাজহুৱা বিষয়সমূহ শক্তিশালীভাৱে উত্থাপন কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande