
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই ৫ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত বেংগালুৰুস্থিত কৰ্ণাটক এন্টিবায়টিকছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক অনুৰাগ দনায়কক বুধবাৰে গ্ৰেপ্তাৰ কৰে ।
চিবিআইৰ তথ্য অনুসৰি ভূপালৰ এটা অনুমোদিত চাৰ্ভিচ এজেণ্ট ফাৰ্মৰ পৰা দনায়কে প্ৰায় ১৫ লাখ টকাৰ উৎকোচ দাবী কৰিছিল। এই ধনৰাশি আছিল চাৰ্ভিচ এজেণ্ট চুক্তিৰ অনুমোদন, অতিৰিক্ত প্ৰতিষ্ঠান যোগ কৰাৰ আবেদন আৰু চলিত বিত্তীয় বৰ্ষত ঔষধ বিক্ৰীৰ কমিচনৰ অংশীদাৰিত্বৰ বাবে। নয়ডাত ৫ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পৰে যিটো মুঠ দাবী কৰা ধনৰ অংশ।
গ্ৰেপ্তাৰৰ পিছতে চিবিআইয়ে বেংগালুৰু, নয়ডা, জবলপুৰত থকা দনায়কৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায়। অনুসন্ধানত প্ৰায় ৭৫ লাখ টকা নগদ ধন, ৪০ লাখ টকাৰ বিদেশী মুদ্ৰা, ৬৯৭ গ্ৰাম সোণৰ গহনা আৰু মুদ্ৰা (মূল্য প্ৰায় ৮.৬ মিলিয়ন ₹), আৰু এটা ফ্লেটৰ সম্পত্তিৰ নথি-পত্ৰ উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ