
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। ভাৰতীয় মাজদুৰ সংঘ (বিএমএছ)ৰ সৈতে জড়িত সশস্ত্ৰ বাহিনীৰ মুখ্য কাৰ্যালয় (এ এফ এইচ কিউ)ৰ কেডাৰৰ গ্ৰুপ বি আৰু চি কৰ্মচাৰীৰ স্বীকৃতিপ্ৰাপ্ত সেৱা সংঘই নিজৰ দাবী জোৰদাৰ কৰি প্ৰতিবাদৰ কথা ঘোষণা কৰিছে।
বিএমএছৰ জাননী অনুসৰি, দিল্লীৰ আফ্ৰিকা এভিনিউৰ প্ৰতিৰক্ষা কাৰ্যালয় কমপ্লেক্সত ২৯ জুলাইত দিনৰ ১ বজাত যৌথ শান্তিপূৰ্ণ প্ৰতিবাদৰ আগতীয়া জাননী দিছে । কৰ্মচাৰী সংঘৰ অভিযোগ যে প্ৰতিৰক্ষা মন্ত্ৰালয়ত চলি থকা বিস্তৃত কেডাৰ পৰ্যালোচনাই পুনৰবাৰ নিম্ন শ্ৰেণীৰ কৰ্মচাৰীৰ জৰুৰী বিষয়ক সম্পূৰ্ণৰূপে আওকাণ কৰিছে ।
ইউনিয়নসমূহৰ মতে, যুটীয়া পৰামৰ্শদাতা ব্যৱস্থাৰ বৈঠকৰ সময়ত কৰ্মচাৰীৰ সৈতে স্বচ্ছতা আৰু পৰামৰ্শৰ আশ্বাস প্ৰশাসনে ক্ষেত্ৰভিত্তিকভাৱে কাৰ্যকৰী হোৱা নাই । কৰ্মচাৰীসকলে নিজৰ মূল দাবীসমূহ উল্লেখ কৰিছে। ইয়াৰ ভিতৰত ছেকচন অফিচাৰ (এছ অ’) গ্ৰেডত ৫০% প্ৰত্যক্ষ নিযুক্তি কোটা ১০%লৈ হ্ৰাস কৰাটোও অন্যতম ।
এ এছ অ’ (ডি পি)ৰ পৰা এছ অ’ (ৰেগুলাৰ)লৈ আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় ১৭-১৮ বছৰৰ সময়সীমা হ্ৰাস কৰি পদোন্নতি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিব লাগে । বিগত ১৫ বছৰ ধৰি বাকী থকা মাল্টি টাস্কিং ষ্টাফ (এমটিএছ) গ্ৰেডলৈ প্ৰথম পদোন্নতি তৎকালীনভাৱে কাৰ্যকৰী কৰিব লাগে । সংস্থাসমূহে তথ্য শ্বেয়াৰ কৰি দেখুৱাইছে যে ২০১৮ চনৰ পৰা ৩৬৮টা ছেকচন অফিচাৰ (এছ অ’) খালী পদৰ বিপৰীতে মাত্ৰ ১২টা প্ৰত্যক্ষ নিযুক্তিহে কৰা হৈছে, যিয়ে বৰ্তমানৰ ব্যৱস্থাৰ বিফলতাক প্ৰতিফলিত কৰিছে ।
ভাৰতীয় মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ দীপেন্দ্ৰ চহৰে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, আমি আমাৰ দাবী সন্দৰ্ভত প্ৰশাসনক কেইবাবাৰো স্মাৰক পত্ৰ দাখিল কৰিছো, কিন্তু নিম্ন শ্ৰেণীৰ কৰ্মচাৰীৰ সমস্যা সমাধান নোহোৱাকৈয়ে আছে। এই প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু অনুশাসিত হ'ব । আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে এই গুৰুতৰ বিষয়টোৰ প্ৰতি উচ্চ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা । যাতে এ এফ এইচ কিউ কেডাৰৰ কৰ্মচাৰীসকলৰ সৈতে ন্যায় প্ৰদান কৰিব পৰা যায়।
কৰ্মচাৰী সংঘই প্ৰশাসনক আশ্বাস দিছে যে এই প্ৰতিবাদে চৰকাৰী কামত কোনো ধৰণৰ ব্যাঘাত বা বাধাৰ সৃষ্টি নকৰে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ