
হোজাই, ৩০ জুন (হি.স.): হোজাই চহৰত দিনে দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । এইবাৰ হোজাইৰ নতুন বজাৰ তাৰামিল সমিপত এটা ই-ৰিক্সাৰ দোকানত কালি বিয়লি সংঘটিত হয় এক চুৰি কাণ্ডৰ ঘটনা। এখন দোকানৰ পৰা এজন চোৰে এলুমিনিয়ামৰ বৈদ্যুতিক তাৰ চুৰি কৰাৰ চেষ্টা চলায়।
প্ৰত্যক্ষদৰ্শীৰ মতে, চোৰজনে দোকানখনৰ পৰা এলুমিনিয়ামৰ তাৰখিনি চুৰি কৰি আনি ওচৰৰে আন এখন দোকানৰ কাষত লুকুৱাই ৰাখিছিল। কিন্তু তাৰখিনি লৈ সোধা-পোছা কৰাত চোৰজনে সেইয়া নিজৰ বস্তু বুলি দাবী কৰে আৰু ওলোটাই ধমকহে দিয়ে। পৰৱৰ্তী সময়ত দোকানৰ মালিকে নিজে আহি পৰীক্ষা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।স্থানীয় ৰাইজে চোৰজনক হাতে-লোটে কৰায়ত্ত কৰে আৰু উত্তম-মধ্যম সোধাই হোজাই আৰক্ষীক খবৰ দিয়ে। বৰ্তমান হোজাই আৰক্ষীয়ে চোৰজনক নিজৰ জিম্মাত লৈছে আৰু সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ