
গুৱাহাটী, ৩০ জুন (হি.স.)। অসম আৰক্ষীৰ দ্বাৰা আজি মহানগৰীৰ মাজমজিয়াতে বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে। প্ৰায় ৫৪ কোটিৰো অধিক মূল্য়ৰ সোণ তথা জব্দকৃত সামগ্ৰী আজি লতাশিল আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীয়ে এই সোণ তথা সামগ্ৰী সহ অক্ষয় বানচোড নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
লতাশিল থানাৰ গোচৰ নং ৪২/২০২৬ ৰ অধীনত তদন্ত কৰি অভিযুক্ত অক্ষয় বানচোডক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে কৰা সৰ্ববৃহৎ জব্দ অভিযানত ৫৪ কোটি টকাতকৈ অধিক মূল্যৰ ৩৭.০৬৪ কিলোগ্ৰাম সোণ সদৃশ হালধীয়া ধাতু উদ্ধাৰ কৰা হৈছে। লগতে ১৩ গ্ৰাম ৰূপৰ গুটিকা/ফলকো জব্দ কৰা হৈছে।
ইফালে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত অক্ষয় বানচোড (৩২) মহাৰাষ্ট্ৰৰ ছাংলী জিলাৰ বাসিন্দা। বানচোডে যোৱা ২ মাহ ধৰি গুৱাহাটীৰ গান্ধীবস্তিত বাস কৰি আছিল। লতাশিল আৰক্ষীয়ে ২৯ আৰু ৩০ জুনত এডিচিপি (চেন্ট্ৰেল) আৰু এচিপি (পাণবজাৰ ডিভিজন)ৰ নেৃত্বত অভিযান চলায় এই সফলতা লাভ কৰে।
আৰক্ষীয়ে সোণ সদৃশ ধাতুৰ বাৰ/টুকুৰা - ৩৭.০৬৪ কিলোগ্ৰাম ,১৩ গ্ৰাম ৰূপৰ গুটিকা/ফলক - ৪টা মোবাইল ফোন, নগদ ৩,৭৫৫ চকা তথা সামগ্ৰীখিনি লুকুৱাবলৈ ব্যৱহাৰ কৰা এটা বেগ জব্দ কৰে।
ইফালে আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই লোকজন তথা এই ঘটনাতো আন্তঃৰাষ্ট্ৰীয় সোণ সৰবৰাহৰ সৈতে জড়িত। যাৰ সংযোগ মধ্যপ্ৰাচ্য ম্যানমাৰ, মুম্বাই, দিল্লী, কলকাতা, আৰু বেংগালুৰুতো আছে।
ইফালে অভিযুক্ত লোকজনক সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে। জব্দকৃত সামগ্ৰীৰ কোনো আইনী নথি-পত্ৰ দাখিল কৰিব পৰা নাই লোকজনে। সমগ্ৰ চক্ৰ, পূৰ্বৰ সৰবৰাহ, আৰু আৰ্থিক লেনদেন উদঘাটনৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী