




–প্ৰতিষ্ঠা লগ্নৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাক স্মৰণ
–কলা -বিজ্ঞান আৰু বাণিজ্য বিভাগৰ ৬ টা শাখাত বিশেষ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা শুভাৰম্ভ
–দৃষ্টিৰ পৰা সৃষ্টিলৈ শীৰ্ষক কলা আৰু হস্তশিল্প প্ৰদৰ্শনীত সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মুখাশিল্পত মুগ্ধ বিশিষ্টজন
–৭৬ টা বিজ্ঞানৰ আৰ্হি প্ৰকল্পত শিক্ষাৰ্থীৰ চমৎকাৰ উদ্ভাৱনী শক্তি উন্মোচিত
–বাণিজ্য বিভাগ, গণিত বিভাগ, সমাজ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানৰো পৃথকে বিশেষ প্ৰদৰ্শনীত শিক্ষাৰ্থীৰ কলাত্মক -সৃষ্টিশীল চিন্তাৰ উন্মেষ
শোণিতপুৰ, ৩০ জুন (হি.স.): বিদ্যায়তনিক ক্ষেত্ৰত ধাৰাবাহিকভাৱে উৎকৰ্ষতাৰ পৰিচয় দি অহা তেজপুৰ ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । উল্লেখ্য যে মাধ্যমিক পৰ্য্যায়ৰ পৰা কলা -বিজ্ঞান আৰু বানিজ্য বিভাগৰ ১ হেজাৰ ৭ গৰাকী শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা দিৱসৰ আজিৰ প্ৰথম দিনটোত অতি দৃষ্টান্তমূলকভাৱে তিনিটা বিভাগকে ধৰি সৰ্বমুঠ ছয়টাকৈ শাখাত শিক্ষাৰ্থী সকলৰ বিভিন্ন দিশৰ আৰ্হি প্ৰকল্পৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত শিক্ষাৰ্থী সকলৰ চমকপ্ৰদ উদ্ভাৱনী শক্তিৰ লগতে কলা -শিল্পৰ প্ৰতি নিপুণতা পৰিলক্ষিত হয় ।
উল্লেখ্য যে কলা ,বিজ্ঞান আৰু বাণিজ্যৰ সমান্তৰালভাৱে দৃষ্টিৰ পৰা সৃষ্টিলৈ শীৰ্ষক কলা আৰু হস্তশিল্প প্ৰদৰ্শনীৰ উপৰি সমাজ বিজ্ঞান প্ৰদৰ্শনী, কম্পিউটাৰ বিজ্ঞান প্ৰদৰ্শনী ,গণিত বিষয়ৰ প্ৰায় চাৰিশতাধিক বিভিন্ন বিষয়ৰ আৰ্হি প্ৰকল্প সমূহ বিচাৰক সকলৰ লগতে বিশিষ্ট অতিথি সকলে প্ৰতক্ষ কৰি অভিভূত হৈ পৰে। ইয়াৰ মাজতে ষষ্ঠ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ একাংশ শিক্ষাৰ্থীয়ে বিজ্ঞান মনস্কতাৰ পৰিচয় দাঙি ধৰি প্ৰস্তুত কৰা ৭৬ টা বিজ্ঞানৰ আৰ্হি প্ৰকল্পত শিক্ষাৰ্থী সকলৰ উদ্ভাৱনী প্ৰতিভাই উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত তথা বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ত্ৰিদিপ ৰয়ক আপ্লুত কৰি তোলে । বিশেষকৈ চ'লাৰ এনাৰ্জী, চ'লাৰ ছিষ্টেম, হাইদ্ৰলিক ক্ৰেণ, ড্ৰিপ ইৰিগেশ্যন, স্মাৰ্ট ইৰিগেশ্যন ছিষ্টেম, কাৰ্বন পিউৰিফিকেশ্যন, অষ্ট্ৰ ফিজিক্স, হিট ছিকিং গাৰ্ড, হিউমেন ৰেছপিৰেটৰী ছিষ্টেম,ইনটিগ্ৰেটেড অৰগেনিক ফাৰ্মিং, হাইড্ৰলিক ব্ৰীজ, দ্য আৰ্ট অৱ ছাউণ্ড, স্মাৰ্ট আৰ্থকোৱেক এলাৰ্ম আদি অনেক উদ্ভাৱনী প্ৰকল্পই আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে এই প্ৰদৰ্শনীৰ আৰম্ভণিতে ইন্সপায়াৰ ফাউণ্ডেশ্যনৰ সভাপতি শোণিত মঞ্জিল হাজৰিকা, ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ক্ষীৰেন্দ্ৰ নাথ হালৈ, ইন্সপায়াৰ ফাউণ্ডেশ্যনৰ সচিব নমশ্ৰী গোস্বামীৰ লগতে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাৰ উপস্থিতিত বিশিষ্ট শিক্ষাবিদ তথা পৰিচালনা সমিতিৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াই ফিটা কাটি শিক্ষাৰ্থী সকলৰ এই আকৰ্ষণীয় প্ৰদৰ্শনী উদ্ঘাটন কৰে। ইয়াৰ পিছতেই সমগ্ৰ প্ৰদৰ্শনী স্হলী অধ্যক্ষ ক্ষীৰেন্দ্ৰ নাথ হালৈৰ সৈতে পৰ্যবেক্ষণ কৰা ড০ ভুবনেশ্বৰ চহৰীয়াই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনটোৰ ভাষণ আগবঢ়াই শিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি তোলে।
আনহাতে শুভাৰম্ভণি অনুষ্ঠানত পংকজ বৰুৱাইও তেজপুৰ ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা তেজপুৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিগত ৭ বছৰে তেজপুৰ ইন্সপায়াৰ একাডেমীয়ে শৈক্ষিক উৎকৰ্ষতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ।সেইদৰে আজি প্ৰদৰ্শনী স্থলীত উপস্থিত হৈ শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্বত থকা ত্ৰিদিপ ৰয় উপস্থিত হৈ শিক্ষাৰ্থী সকলৰ প্ৰদৰ্শনীৰ চমৎকাৰ উদ্ভাৱনী শক্তিত অভিভূত হৈ পৰা বুলি মন্তব্য কৰি আগবঢ়োৱা ভাষণত বিশেষকৈ মুখাশিল্পৰ প্ৰদৰ্শন এগৰাকী শিক্ষাৰ্থীৰ দ্বাৰা হোৱাটো এক আশাব্যঞ্জক খবৰ বুলি এয়াই অসমৰ সাংস্কৃতিক ঐতিহ্য বুলি মন্তব্য কৰে।
উল্লেখ্য যে আজিৰ এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ মাজত কলা আৰু হস্তশিল্প প্ৰদৰ্শনীত সপ্তম শ্ৰেণীৰ সুষিৰ কাঞ্চন বৰা নামৰ শিক্ষাৰ্থী গৰাকীয়ে প্ৰদৰ্শন কৰা অসমীয়া শিল্পকলা ক্ষেত্ৰখনৰ অতি গুৰুত্বপূৰ্ণ মুখাশিল্প সমূহে সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ