
তিনিচুকীয়া, ৩০ জুন (হি.স.)। ৰাজ্যত এফালে বানৰ বিভীষিকাময় পৰিবেশ আনফালে দেখিবলৈ পোৱা গৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ।।
জাগুন বন বিষয়া কাৰ্য্যালয় অন্তৰ্গত নামফাইত বনৰীয়া হাতীৰ উপদ্ৰবে নিদ্ৰা হৰণ কৰিছে গাঁওবাসী ।
সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে নামফাই গাঁওখনত প্ৰৱেশ কৰি গঞা ৰাইজৰ তহিলঙ কৰিছে তামোল খেতিৰ লগতে শাক পাচলি খেতি । একে নিশাৰ ভিতৰতে গাঁওখনৰ এজন লোকৰ ভাঙিলে ৪০ জোপালৈকে তামোল গছ । গছকি ফেনেকি শেষ কৰিছে শাক পাচলিৰ বাৰী। বনৰীয়া হাতীৰ দৈনিক উপদ্ৰৱ ফলত এতিয় উপায়ন্ত হৈ পৰিব লগীয়া হৈছে কৃষিজীৱী ৰাইজ।। বন বিভাগক ক্ষতিপূৰণৰ আহ্বান গঞা ৰাইজৰ।।।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু