
ধুবুৰী, ৩০ জুন (হি.স.)। ধুবুৰী জিলাৰ ব্ৰহ্মপত্ৰ নদীৰ দক্ষিণ পাৰৰ বুঢ়াবুঢ়ী পাৰ ঘাটত অনশনত বহিল এগৰাকী জন প্ৰতিনিধি । বুঢ়াবুঢ়ী পাৰ ঘাটৰ পৰা ধুবুৰীলৈ ফেৰী সেৱাৰ দাবীত অনশনত বহিল জামাদাৰহাট নস্কৰা আঞ্চলিক পঞ্চায়তৰ সভাপতি আবু নাসিৰ আহমেদে । উল্লেখ্য যে ২০১২ চনত মেদৰটাৰীৰ বুঢ়াবুঢ়ীত ফেৰী দুৰ্ঘটনা সংঘটিত হই প্ৰায় অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছিল ।
তাৰ পিছত চৰকাৰে জাহাজ (ফেৰী ) সেৱাৰ ব্যৱস্থা কৰিছিল । কিন্তু বিগত ছমাহ ধৰি নীলগিৰি নামৰ ফেৰী সেৱা বন্ধ হৈ পৰে । ফলত ৰাইজে ইঞ্জিন চালিত নাৱৰে বিপদ সংকুল ভাবে যাতায়াত কৰিব লগা হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ যাত্ৰী সকলে । যাৰ ফলত ফেৰী সেৱা সুচল কৰাৰ দাবীত আজি অনশনত বহে জন প্ৰতিনিধি গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা