সোণাৰিৰ চফ্ৰাইত ৰেল বিভাগৰ বিশাল উচ্ছেদ অভিযান
চৰাইদেউ, ৩০জুন (হি.স.)। সোণাৰিৰ চফ্ৰাইত ৰেল বিভাগৰ বিশাল উচ্ছেদ অভিযান। ৬৪ টা পৰিয়ালে বেদখল কৰা ভূমি উদ্ধাৰ। সোণাৰিৰ চফ্ৰাই ৰেল ষ্টেচনৰ সমীপত আজি ৰেল প্ৰশাসনৰ দ্বাৰা এক গুৰুত্বপূৰ্ণ উচ্ছেদ অভিযান চলাই ৰেল বিভাগৰ বহু বিঘা ভূমি বেদখলমুক্ত কৰা হয়।
সোণাৰিৰ চফ্ৰাইত ৰেল বিভাগৰ বিশাল উচ্ছেদ অভিযান


চৰাইদেউ, ৩০জুন (হি.স.)। সোণাৰিৰ চফ্ৰাইত ৰেল বিভাগৰ বিশাল উচ্ছেদ অভিযান।

৬৪ টা পৰিয়ালে বেদখল কৰা ভূমি উদ্ধাৰ।

সোণাৰিৰ চফ্ৰাই ৰেল ষ্টেচনৰ সমীপত আজি ৰেল প্ৰশাসনৰ দ্বাৰা এক গুৰুত্বপূৰ্ণ উচ্ছেদ অভিযান চলাই ৰেল বিভাগৰ বহু বিঘা ভূমি বেদখলমুক্ত কৰা হয়। দীৰ্ঘদিন ধৰি ৰেল বিভাগৰ উক্ত ভূমিত একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাস গৃহসমূহ আজি বুলড’জাৰ লগাই ভাঙি পেলোৱা হয়।

আজি পুৱাৰে পৰা ৰেলৱে কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰি উক্ত অভিযান আৰম্ভ কৰে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ বাবে ৰেলৱে সুৰক্ষা বাহিনী (RPF) আৰু স্থানীয় আৰক্ষীৰ এক বিশাল বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছিল। শ শ আৰক্ষী জোৱানৰ উপস্থিতিত চলোৱা উক্ত অভিযানত ৰেল বিভাগ আৰু প্ৰশাসনে কোনো ধৰণৰ আপোচ নকৰাকৈ অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande