কৰ্তব্যলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ জোৱান দুৰ্ঘটনাগ্ৰস্ত
কৰ্তব্যলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ ।
কৰ্তব্যলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ জোৱান দুৰ্ঘটনাগ্ৰস্ত


বাক্সা ৩০ জুন (হি.স.): কৰ্তব্যলৈ গৈ থকা অৱস্থাত যোৱা কালি সোমবাৰে বিয়লি আৰক্ষীৰ জোৱান এজন দুৰ্ঘটনাত পতিত হয়। ইয়াৰ ফলত গুৰুতৰভাৱে আহত হয় আনোৱাৰ হুছেইন নামৰ আৰক্ষী উপ-পৰিদৰ্শক গৰাকী । বৰমাৰ পৰা মুছলপুৰস্থ বাক্সা জিলা সত্ৰ ন্যায়াধীশ আদালতলৈ গৈ আছিল আৰক্ষী বিষয়াজন ।

জানিব পৰা মতে এএছ ১৪ জে ৯১৮০ নম্বৰৰ পালচাৰ বাইকেৰে নিজ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতে বৰমাৰ জখৈক'ণাত সংঘটিত হয় দুৰ্ঘটনাটো ।বিপৰীত দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনে আৰক্ষী বিষয়া গৰাকীক খুন্দিয়াই পলায়ন কৰে ।ঘটনাস্থলিত বৰমা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ আৰক্ষী বিষয়া গৰাকীক উদ্ধাৰ কৰি নলবাৰী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে ।সম্প্ৰতি চিকিৎসাধিন অৱস্থাত আছে গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া আনোৱাৰ হুছেইন । ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ সন্ধান অব্যাহত ৰাখিছে বৰমা আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande