
ধুবুৰী, ৩০ জুন (হি.স.): ধুবুৰীৰ তামাৰহাট থানাৰ সন্মুখত যোৱা কালি সোমবাৰে নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। গৰু চুৰিক কেন্দ্ৰ কৰিয়েই শতাধিক লোকে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ।
প্ৰতিবাদী সকলে চোৰক এনকাউন্টাৰ কৰক, চোৰৰ বাসগৃহত বুলডোজাৰ চলাওক, নহ'লে চোৰক ৰাইজৰ হাতত গতাই দিয়ক আদি শ্লোগানেৰে উত্তাল কৰি তোলে তামাৰহাটৰ ৰাজপথ । উল্লেখ্য যে দুদিন পূৰ্বে তামাৰহাটৰ উজানপেটলা প্ৰথমখণ্ড গাঁৱত সংঘটিত হয় গৰু চুৰিৰ ঘটনা । গাঁও খনৰ জলিল শ্বেখ নামৰ লোকজনে সংঘটিত কৰে এই চুৰি কাণ্ড । চুৰি গৰু কাটি বিক্ৰী কৰাৰ অভিযোগ উঠিছে জলিলৰ বিৰুদ্ধে । ঘটনা পোহৰলৈ অহাৰ পিছত প্ৰথমে জলিলৰ বাসগৃহত উপস্থিত হয় শতাধিক ক্ষুব্ধ লোক । পিছত ক্ষুব্ধ প্ৰতিবাদকাৰী উপস্থিত হয় তামাৰহাট থানাৰ সন্মুখত । তামাৰহাট থানাৰ সন্মুখত ১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰি জলিলৰ এনকাউণ্টাৰৰ দাবী জনায় । এইজন জলিলৰ বিৰুদ্ধে আছে হত্যা, ভূমি দখলৰ লগতে কেইবাটাও গৰু চুৰিৰ অভিযোগ । ইয়াৰ মাজতে তামাৰহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে জলিল শ্বেখক ।
তামাৰহাট অঞ্চলত নিতৌ সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা । এইসমূহ চুৰি কাণ্ডৰ লগত জলিল জড়িত থকাৰ সন্দেহ কৰা হৈছে। ইপিনে প্ৰতিবাদ স্থলীত উপস্থিত হয় গোলকগঞ্জ সম জিলা আৰক্ষী অধীক্ষক । আনহাতে অঞ্চলটোত সংঘটিত হোৱা গৰু চুৰিৰ ভুক্তভোগীৰ সকলে আহি প্ৰতিবাদকাৰীৰ লগত একত্ৰিত হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ