
ধুবুৰী, ৩০ জুন (হি.স.)। বিলাসীপাৰাৰ নয়াহাটত এখন গড়কাপ্তানী পথে জলাকলা খুৱাইছে ৰাইজক। নয়াহাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডুবাচুৰীলৈ যোৱা গড়কাপ্তানি পথৰ মাজত একাঠু পানী। পথত মাজত পুখুৰী সদৃশ হৈ পৰিছে পথছোৱাত।
পথছোৱাত দি চাৰি পাঁচ খন গাওঁৰ ৰাইজ পথচাৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী, অটো ৰিক্সা, ই ৰিস্কা, চাৰিচকীয়া বাহন জমৰ যাতনাত যাতায়ত অব্যাহত ৰাখিছে।কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা স্হানীয় বিধায়কৰ।পথছোৱা বিগত তিনিমাহ ধৰি এজাক বৰষুণতেই পুখুৰী সদৃশ হৈ পৰাত বহুতো দুৰ্ঘটনা সংঘটিত হয়।এই ক্ষেত্ৰত স্হানীয় বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰৰ ওপৰত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।অতি শীঘ্ৰে শীঘ্ৰে পথছোৱাত মেৰামতি কৰি দি যাতায়তৰ সু-ব্যৱস্থা কৰি দিবলৈ স্হানীয় বিধায়ক তথা বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ