

মৰিগাঁও, ৩০ জুন (হি.স.)। মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা সমগ্ৰ শিক্ষা অভিযান জিলা মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়াৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা। নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ লাভ কৰা পাছতো এক বছৰ তিনি মাহ ঘটনা টো গাপ দিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপন অপূৰ্ব ঠাকুৰীয়াৰ বিৰুদ্ধে। জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ বিষয় শিক্ষক প্ৰাঞ্জল কুমাৰ নাথৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।এক বছৰ তিনি মাহ সময় উকলাৰ পিছতো cwc অৰ্থাৎ শিশু কল্যাণ সমিতিৰ জৰিয়তে উক্ত ঘটনাৰ তদন্ত কৰা নাছিল বিষয়া গৰাকীয়ে।
যাৰ পৰিপ্ৰেক্ষিতত আজি মৰিগাঁও জিলাৰ আয়ুক্তই ঘটনাত পোনপটীয়া হস্তক্ষেপ কৰে আৰু প্ৰত্ৰ নং ca 1/2026/pt111/73 জৰিয়তে নিৰ্দেশনা জাৰি কৰি সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰে। উক্ত নিৰ্দেশনাত শিক্ষক প্ৰাঞ্জল কুমাৰ নাথৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ ৰাজহুৱা অভিযোগৰ ভিত্তিত বিদ্যালয় অধ্যক্ষা আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে মৰিগাঁও বিদ্যালয় পৰিদৰ্শকৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিলৰ পিছতো কিয় কোনো প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল তাৰ ওপৰত তদন্তৰ বাবে কাৰ্যবাহী দণ্ডাধীশ কৃতাঞ্জলি কাশ্যপক সমগ্ৰ ঘটনাৰ তথ্য ভিত্তিক অনুসন্ধান কৰিবলৈ তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar