
কোকৰাঝাৰ, ৩০ জুন (হি.স.)। কোকৰাঝাৰৰ কাৰাগাৰত ন্যায়িক জিম্মাত থকা চিৰাঙৰ ভুৱা চিকিৎসকৰ মৃত্যু ।
যোৱা ২৫ জুন তাৰিখে অসম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেছনৰ এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে ঢালিগাঁও ৰ পৰা গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক ৰবীন চন্দ্ৰ নাগক ।
উক্ত দিনাই কাজলগাঁও থানাৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
জানিব পৰা অনুসৰি আজি পুৱতি নিশা কোকৰাঝাৰ কাৰাগাৰত থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হয় ।
জেল কৰ্তৃপক্ষই তাৎক্ষণিক ভাবে সংকটজনক অৱস্থাত ৰবীন্দ্ৰ চন্দ্ৰ নাগক কোকৰাঝাৰ মেডিকেল কলেজত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত আজি পুৱা ৭ :৩০ বজাত মৃত্যুক আকোঁৱালি লয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা