বিশ্বনাথ চৰিআলিৰ বওবজাৰ অঞ্চলৰ এটিএমত অগ্নিকাণ্ড
বিশ্বনাথ, ৩০ জুন (হি.স.)। বিশ্বনাথত অগ্নিকাণ্ড। বিশ্বনাথ চাৰিআলীৰ এটি এছ বি আইৰ এটি এমত যোৱা নিশা হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা অনুসৰি নিশা বিশ্বনাথ চৰিআলিৰ বওবজাৰ অঞ্চলৰ বিশাল মেগামাৰ্ট ৰ সন্মুখত থকা এছ বি আইৰ এটিএমটোত হঠাতে জুই লাগে। লগ
বিশ্বনাথ চৰিআলিৰ বওবজাৰ অঞ্চলৰ এটিএমত অগ্নিকাণ্ড


বিশ্বনাথ, ৩০ জুন (হি.স.)। বিশ্বনাথত অগ্নিকাণ্ড। বিশ্বনাথ চাৰিআলীৰ এটি এছ বি আইৰ এটি এমত যোৱা নিশা হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা অনুসৰি নিশা বিশ্বনাথ চৰিআলিৰ বওবজাৰ অঞ্চলৰ বিশাল মেগামাৰ্ট ৰ সন্মুখত থকা এছ বি আইৰ এটিএমটোত হঠাতে জুই লাগে। লগে লগে এটিএমটোত যোৱা বেংকৰ গ্ৰাহকৰ মাজত হুৱা দুৱা লাগে।

স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ লগতে অগ্নিনিৰ্বাপক বাহিনীকো ততাতৈয়াকৈ খবৰ দিয়ে।ঘটনাৰ খবৰ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ এই জুই নিৰ্বাপন কৰে। চৰ্ট চাৰ্কিটৰ ফলতেই এটিএমটোত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অগ্নিনিৰ্বাপক আহিনীয়ে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ সময়ত এটিএম ৰ সন্মুখত পহৰা দি থকা সুৰক্ষা বাহিনীৰ লোকে এটিএম টোৰ ভিতৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা প্ৰত্যক্ষ কৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে, ফলত ভয়কৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলতো ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande