
গুৱাহাটী, ৩০জুন (হি.স.)।
গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গ্ৰামাঞ্চলত পিঞ্জৰাবদ্ধ হোৱা বাঘটো ৷ যোৱা ৮ জুনত ৰাষ্ট্ৰীয় উদ্যান খনৰ অগৰাতলি বনাঞ্চলৰ দাঁতিকাষৰীয়া ধানবাৰী বামুন গাঁৱত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সহযোগত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিছিল বাঘটো ৷
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উদ্যান খনৰ অগৰাতলি বনাঞ্চলৰ কাষৰীয়া ধানবাৰী বামুন গাঁৱত কেইবাটাও পশুধন নিধন কৰি গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছিল বাঘটোৱে ৷ অৱশেষত বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ হৈ পৰিল বাঘটো ৷ সন্দেহ কৰা অনুসৰি পাৰস্পৰিক যুঁজত আঘাটপ্ৰাপ্ত বাঘটোৰ দেহৰ বহু অংশত আন বাঘৰ আক্ৰমণৰ চিন স্পষ্ট ৷ তদুপৰি ভাগি গৈছিল চিকাৰী দাঁত ৷ গতিকে সহজ চিকাৰৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বাঘটোৱে কেইবাটাও পশুধন নিধন কৰিছিল যদিও খাব পৰা নাছিল ৷
সেয়েহে ভোকত থাকি ক্ৰমে দুৰ্বল হৈ পৰে বাঘটো ৷ পিঞ্জৰাবদ্ধ হোৱা প্ৰায় ১৫ বছৰ বয়সৰ মতা বাঘটো কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা কৰাৰ পাছত স্বাস্থ্যৰ উন্নতি হয় যদিও বনত স্বাভাৱিক বিচৰণৰ বাবে উপযুক্ত নহয় বাঘটো ৷ সেয়েহে বাঘটো গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে বন বিভাগে ৷ এনেক্ষেত্ৰত যথেষ্ট সাৱধানতাৰ মাজেৰে বাঘটো চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা লোৱা হয় ৷আনহাতে চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে বাঘটোক চিকিৎসকৰ পৰ্যবেক্ষণত কিছু দিন ৰাখিব লাগিব ৷ গতিকে দৰ্শনাৰ্থীয়ে বাঘটো চোৱাৰ সুবিধা সদ্যহতে দিয়া নহ’ব ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা