
কোকৰাঝাৰ, ৩০ জুন (হি.স.)। গোসাঁইগাঁও সমষ্টিৰ অন্তৰ্গত ১ নং মাটিয়াপাৰা গাঁৱৰ আবেদ আলী ঘাটত হাৰাফুটা নদীৰ ওপৰত স্থায়ী দলঙৰ অভাৱত দীৰ্ঘদিন ধৰি চৰম দুৰ্ভোগ ভুগি আহিছে স্থানীয় ৰাইজ। বিশেষকৈ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী, বৃদ্ধ-বৃদ্ধা আৰু দৈনন্দিন কাম-কাজত যাতায়াত কৰা শতাধিক লোকে প্ৰতিদিনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দাবী বহুদিনীয়া হ’লেও এতিয়ালৈকে কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বৰ্ষাকালত নদীৰ পানী বৃদ্ধি পোৱাৰ লগে লগে সমস্যাই অধিক ভয়াবহ ৰূপ ধাৰণ কৰে। জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰতো এম্বুলেঞ্চ চলাচল কৰিব নোৱাৰাৰ ফলত ৰোগীক সময়মতে চিকিৎসালয়লৈ নিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।
উল্লেখ্য যে, চৰকাৰী সহায় নোপোৱাত ১ নং মাটিয়াপাৰাৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে আবেদ আলী ঘাটত থকা বাঁহৰ দলংটো মেৰামতি কৰি যাতায়াত অব্যাহত ৰাখিছে। স্থানীয় লোকসকলে জনোৱা মতে, প্ৰতি বছৰে বাঁহৰ দলং মেৰামতিৰ বাবে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হয়, তথাপিও স্থায়ী সমাধানৰ কোনো ব্যৱস্থা হোৱা নাই।
ইফালে, সমষ্টিৰ বিধায়ক শোভাৰাম বসুমতাৰীয়ে বিষয়টো সন্দৰ্ভত অৱগত হৈ শীঘ্ৰে স্থায়ী দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। বিধায়কৰ এই আশ্বাসক আদৰণি জনাই ৰাইজে অতি সোনকালে কাম আৰম্ভ হোৱাৰ দাবী জনাইছে।অঞ্চলবাসীয়ে কয় যে, এখন স্থায়ী দলং নিৰ্মাণ হ’লে কেৱল ১ নং মাটিয়াপাৰাই নহয়, কাষৰীয়া কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ লোক উপকৃত হ’ব আৰু দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ স্থায়ী সমাধান হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ