তৃতীয় টি-২০ত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি ইংলেণ্ডৰ ২-১ত শৃংখলাটো জয়
টাউণ্টন, ০৩ জুন (হি.স.)। এলিছ কেপছি আৰু হিদাৰ নাইটৰ উৎকৃষ্ট বেটিং প্ৰদৰ্শনৰ বাবেই মঙলবাৰে নিশা (বুধবাৰে ভাৰতীয় সময় অনুসৰি) চূড়ান্ত টি-২০ত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি ইংলেণ্ড মহিলা ক্ৰিকেট দলে তিনিখন মেচৰ শৃংখলাটো ২-১ ব্য়ৱধানত জয়লাভ কৰে। ১৮১ ৰানৰ
प्लेयर ऑफ द मैच एलिस कैप्सी


টাউণ্টন, ০৩ জুন (হি.স.)। এলিছ কেপছি আৰু হিদাৰ নাইটৰ উৎকৃষ্ট বেটিং প্ৰদৰ্শনৰ বাবেই মঙলবাৰে নিশা (বুধবাৰে ভাৰতীয় সময় অনুসৰি) চূড়ান্ত টি-২০ত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি ইংলেণ্ড মহিলা ক্ৰিকেট দলে তিনিখন মেচৰ শৃংখলাটো ২-১ ব্য়ৱধানত জয়লাভ কৰে। ১৮১ ৰানৰ লক্ষ্য খেদি খেদি ইংলেণ্ডে আৰম্ভণিতে বিপৰ্যয়ৰ পিছত শক্তিশালী কামবেক কৰি ১৮.৩ অভাৰত এই লক্ষ্যত উপনীত হয়।

ইংলেণ্ডৰ চেজত আৰম্ভণি বেয়া আছিল। দ্বিতীয় অভাৰত ডেনি ৱায়াট-হজক আউট হোৱাৰ বিপৰীতে ছফিয়া ডাংকলিও সোনকালে ৰাওনা হয়। পাৱাৰপ্লে’ৰ অন্তিম অভাৰত এমি জ’নছক হেৰুৱাই ইংলেণ্ডৰ হেঁচা দেখা গৈছিল।

অৱশ্যে তাৰ পিছত এলিছ কেপছিৰ আগ্ৰাসী বেটিঙে মেচখন ঘূৰাই আনে। ভাৰতীয় বলাৰক অদম্যভাৱে আক্ৰমণ কৰি মাত্ৰ ২৬টা বলত অৰ্ধশতক অৰ্জন কৰে। আনহাতে অধিনায়ক হিদাৰ নাইটে ধৈৰ্য্যৰে ইনিংছ চম্ভালি ক্ৰমান্বয়ে ৰানৰ হাৰ বৃদ্ধি কৰে।

দুয়োগৰাকী বেটছমেনৰ মাজত শতকীয় অংশীদাৰিত্বই ভাৰতৰ প্ৰত্যাৱৰ্তনৰ আশাৰ অন্ত পেলায়। কেপছেই ৮২ ৰানত উজ্জ্বল ইনিংছ খেলাৰ বিপৰীতে নাইটে ৭০ ৰানত অপৰাজিত হৈ থাকে।অৱশেষত নাইটে চাৰিটা ৰান কৰি ইংলেণ্ডৰ জয় নিশ্চিত কৰে।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ১৮০ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলৰ আৰম্ভণি ভাল নাছিল, দুয়োখন অ’পেনাৰ আগতীয়াকৈ পৰাস্ত হৈছিল।

ইয়াৰ পিছতে যস্তিকা ভাটিয়াই আগ্ৰাসী বেটিং কৰি পাৱাৰপ্লেত ৰান ৰেট বজাই ৰাখে। আকৰ্ষণীয় শ্বট খেলিছিল যদিও ৰান আউট হৈছিল।

মিডল অৰ্ডাৰত অধিনায়ক হৰমনপ্ৰীত কৌৰে দায়িত্ব গ্ৰহণ কৰি অপৰাজিত ৫৬ ৰান সংগ্ৰহ কৰে।কিন্তু অন্তিম পাঁচ অভাৰত ভাৰতীয় দলটোৱে মাত্ৰ ৪৮ ৰানহে সংযোজন কৰিবলৈ সক্ষম হয়, যিটো অৱশেষত নিৰ্ণায়ক বুলি প্ৰমাণিত হয়।

ইংলেণ্ডৰ হৈ লৰেন বেলে দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে।

চমু স্ক’ৰ : ভাৰত মহিলা : ১৮০/৫ (২০ অভাৰ) — হৰমনপ্ৰীত কৌৰ ৫৬*, যস্তিকা ভাটিয়া ৩২; লৰেন বেল ২/৩৬ ইংলেণ্ড মহিলা: ১৮৪/৪ (১৮.৩ অভাৰ) — এলিছ কেপচি ৮২, হিথাৰ নাইট ৭০*; অৰুন্ধতী ৰেড্ডী ২/৩১ ফলাফল: ইংলেণ্ড মহিলাই ৬ উইকেটত জয়লাভ কৰে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande