
পশ্চিম কাৰ্বি আংলঙ, ২৯ জুন (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত পৃথকে পৃথকে দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত। মাইলুদিছাওত দ্ৰুতবেগী মেজিক বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী ষাঠি উৰ্ধৰ মহিলাৰ। বাহন খনে ছাত্ৰ-ছাত্ৰী কঢ়িয়াই মাইলুৰ পৰা মাইলুদিছাও অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।
মৃত মহিলা গৰাকীৰ নাম পাৰ্বতী দেৱী। দুৰ্ঘটনাগ্ৰস্ত মেজিক বাহন খনৰ নম্বৰ হৈছে এএছ ০২ চিচি ৩০৫৭। ইফালে খেৰণি টিলাবস্তিটো মটৰচাইকেল আৰু ই-ৰিক্সাৰ মাজত সংঘর্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ই-ৰিক্সাৰ দুগৰাকী যাত্ৰী। আহত যাত্ৰী দুগৰাকী ক্ৰমে ৰীতা দেৱী আৰু পুনম চৌহান। দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন বাইক সহ বাইক চালক/আৰোহি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা