পৰ্বতঝোৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বুজন পৰিমাণৰ শাল গছৰ কুণ্ডা সহ এটা অবৈধ কাঠ ফলা মিল জব্দ
কোকৰাঝাৰ, ২৯ জুন (হি.স.)। বন মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতেই গা লৰিল পৰ্বতঝোৰাত বন বিভাগৰ।বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কঠোৰ ধমকৰ পাছতেই অৱশেষত সাৰ পাইছে পৰ্বতঝোৰাৰ বন বিভাগ।দীৰ্ঘদিন ধৰি চলি থকা বন ধ্বংসযজ্ঞ আৰু অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে কালি সন্ধিয়
পৰ্বতঝোৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বুজন পৰিমাণৰ শাল গছৰ কুণ্ডা সহ এটা অবৈধ কাঠ ফলা মিল জব্দ


কোকৰাঝাৰ, ২৯ জুন (হি.স.)। বন মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতেই গা লৰিল পৰ্বতঝোৰাত বন বিভাগৰ।বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কঠোৰ ধমকৰ পাছতেই অৱশেষত সাৰ পাইছে পৰ্বতঝোৰাৰ বন বিভাগ।দীৰ্ঘদিন ধৰি চলি থকা বন ধ্বংসযজ্ঞ আৰু অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে কালি সন্ধিয়া অভিযান চলায় ৰূপসী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন কৰ্মীয়ে।

অভিযানত পাংখাদল অঞ্চলৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পৰা বুজন পৰিমাণৰ শাল গছৰ কুণ্ডা সহ এটা অবৈধ কাঠ ফলা মিল জব্দ কৰে বন কৰ্মীয়ে।দীৰ্ঘদিনীয়া অভিযোগৰ পাছতো বন বিভাগে এই ক্ষেত্ৰত আগতীয়াকৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল যদিওঁ মন্ত্ৰীৰ হেঁচাৰ পাছতহে বিভাগটো তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।অভিযানত শাল গছৰ কুণ্ডা আৰু মিলটো জব্দ কৰিবলৈ সক্ষম হলেও, ইয়াৰ সৈতে জড়িত কোনো এজন লোকক আটক কৰিব নোৱাৰাটোৱে এতিয়া ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে।বনোদস্যুক আটক কৰাৰ ক্ষেত্ৰত বন বিভাগৰ এনে নৰম স্থিতিয়ে স্বাভাৱিকতেই বিভাগটোৰ কৰ্মকাণ্ডৰ স্বচ্ছতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande