
নগাঁও, ২৯ জুন (হি.স.)। ৰূপহীহাটৰ নিজ লাওঁখোৱাৰ কালিস্থানত উত্তপ্ত পৰিস্থিতি।নগাঁও-নলতলী ৰাজ্যিক ঘাই পথত বাহ বান্ধি অৱৰোধ স্থানীয় ৰাইজৰ। এই পথটোত যোৱা নিশা এক পথ দুৰ্ঘটনা সংঘটিত হৈ আহত হৈছিল তিনিজনকৈ লোক। গতি ৰোধকৰ দাবীত ৰাইজে পথ অৱৰোধ কৰে সাব্যস্ত কৰিছে প্ৰতিবাদ।স্থানীয় ৰাইজৰ প্ৰতিবাদৰ দাবীত তিব্ৰ যানজঁটৰ সৃষ্টি হৈ ৩০ মিনিট সময় আবদ্ধ হৈ থাকে গাড়ী সমূহ।ব্যস্ততা পূৰ্ণ পথৰ পৰা উভতি যায় পথচাৰী আৰক্ষীৰ বাহনো।আৰক্ষীৰ সৈতে তিব্ৰ বাগ বিতণ্ডাত লিপ্ত হয় এগৰাকী প্ৰতিবাদতকাৰী মহিলা।ঘটনা স্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও চেপা উত্তেজনা অব্যাহত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ