
ওদালগুৰি, ২৯ জুন (হি.স.)। আই নৈৰ বাঢ়নী পানীত প্লাৱিত ওদালগুৰিৰ তিনিখন শিক্ষানুষ্ঠান, পাঠদান ব্যাহত হোৱাৰ আশংকা।
চিৰাং জিলাৰ চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত ওদালগুৰি অঞ্চলত আই নৈৰ বাঢ়নী পানীয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভূটানৰ পৰা নামি অহা প্ৰবল পানীৰ ফলত আই নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাত ওদালগুৰি মধ্য ইংৰাজী বিদ্যালয়, ওদালগুৰি প্ৰাথমিক বিদ্যালয় আৰু ওদালগুৰি অংগনৱাড়ী কেন্দ্ৰ বানপানীৰ কৱলত পৰিছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বেও বিদ্যালয়সমূহৰ চৌহদত বানপানী সোমাইছিল। পুনৰ জলস্তৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত নতুনকৈ বিদ্যালয় সমূহ প্লাৱিত হোৱাত শিক্ষা ব্যৱস্থা ব্যাহত হোৱাৰ আশংকা সৃষ্টি হৈছে।
বৰ্তমান বিদ্যালয়ৰ চৌহদ, খেলপথাৰ আৰু অংগনৱাড়ী কেন্দ্ৰৰ চাৰিওফালে পানী বিয়পি পৰিছে। ফলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ যাতায়াত তথা নিয়মীয়া পাঠদানত বিঘিনি ঘটাৰ সম্ভাৱনা দেখা দিছে। উক্ত পৰিস্থিতিয়ে অভিভাৱক সকলকো উদ্বিগ্ন কৰি তুলিছে।
স্থানীয় ৰাইজে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু জলস্তৰ যাতে আৰু বৃদ্ধি নাপায়, তাৰ বাবে আশা প্ৰকাশ কৰিছে। লগতে বিদ্যালয় সমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু