ধেমাজিৰ বানাক্ৰান্ত ৰাইজৰ কাষত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ; বিপদৰ সময়ত অসমৰ ৰাইজ কেতিয়াও এলাগী নহয়: ৰাজ্যিক বিজেপি
গুৱাহাটী, ২৯ জুন (হি.স.)। ধেমাজি জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ মাজতো অসমৰ ৰাইজ কেতিয়াও এলাগী নহয়। ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সদায়ে জনসাধাৰণৰ কাষত থিয় দি আহিছে আৰু এই কঠিন সময়তো একেই দায়বদ্ধতাৰে বানাক্ৰান্ত ৰাইজ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৯ জুন (হি.স.)। ধেমাজি জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ মাজতো অসমৰ ৰাইজ কেতিয়াও এলাগী নহয়। ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সদায়ে জনসাধাৰণৰ কাষত থিয় দি আহিছে আৰু এই কঠিন সময়তো একেই দায়বদ্ধতাৰে বানাক্ৰান্ত ৰাইজৰ সুৰক্ষা, সাহায্য আৰু পুনর্বাসনৰ বাবে নিৰন্তৰ কাম কৰি আছে।

শেহতীয়াকৈ অৰুণাচল প্রদেশত হোৱা ধাৰাযাৰ বৰষুণ আৰু উপৰিঅঞ্চলৰ পৰা নামি অহা প্রবল পানীৰ ফলত ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, ধেমাজি আৰু গোগামুখ ৰাজহ চক্ৰৰ বহু অঞ্চল বানপানীৰ কৱলত পৰিছে। বিশেষকৈ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চিমেনমুখ, আনন্দ নগৰ, চিলাপথাৰ, জোনাই আদি অঞ্চলত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। বিজেপিৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ৰাইজ নিশ্চিত বিপদৰ এই সময়ত তেওঁলোক কেতিয়াও এলাগী নহয়। বিজেপি চৰকাৰ সদায়ে জনসাধাৰণৰ কাষত আছিল, আছে আৰু আগন্তুক দিনতো থাকিব।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নিজে টেলিফোনযোগে বান পৰিস্থিতিৰ বুজ লৈ ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতাৰ পূৰ্ণ আশ্বাস প্রদান কৰিছে। ই স্পষ্টকৈ প্ৰমাণ কৰে যে অসমৰ ৰাইজৰ দুখ-কষ্টত কেন্দ্ৰ চৰকাৰ সদায় সমানে চিন্তিত আৰু দায়বদ্ধ।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখি তাৎক্ষণিকভাৱে উদ্ধাৰ, সাহায্য আৰু পুনর্বাসন ব্যৱস্থা শক্তিশালী কৰাৰ নিৰ্দেশ প্রদান কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁই তাৎক্ষণিকভারে ধেমাজি জিলাত উপস্থিত হয়। ধেমাজিৰ বান বিধস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানৰ কবলত সম্পূৰ্ণকৈ ঘৰ ভাঙি ধ্বংস হোৱা লোকসকলক ১ লাখ ২০ হাজাৰ টকাকৈ দিয়া হ'ব বুলি আশ্বাস প্রদান কৰে মন্ত্ৰী কেশৱ মহন্তই। ইয়ৰোপৰিও চৰকাৰী নিৰিস বান্ধি থোৱা অনুসৰি যিসকল লোকৰ পশু হেৰুৱাইছে তেখেতসকলোকো সাহাৰ্য প্রদান কৰা হ'ব বুলি জনায় মন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে লক্ষিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেণ্ড, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকন আৰু চিচিবৰগাওঁ সমষ্টিৰ বিধায়ক জীৱন গগৈয়েও বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাসমূহৰ বুজ লয়। চিমেনমুখ, আনন্দ নগৰ আৰু অন্যান্য ক্ষতিগ্রস্ত অঞ্চলসমূহত উপস্থিত হৈ মন্ত্রী-বিধায়কসকলে নদীৰ গৰাখহনীয়া, বান পৰিস্থিতি আৰু আশ্রয় শিবিৰসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে বানপীড়িত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰে। খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহ যাতে সময়মতে উপলব্ধ হয়, তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক কঠোৰ নির্দেশ প্রদান কৰা হৈছে। এছডিআৰএফ আৰু এনডিআৰএফৰ সহযোগত উদ্ধাৰ অভিযান পূর্ণ গতিত চলি আছে। জিলা প্রশাসনৰ জৰিয়তে আশ্রয় শিবিৰ, সকাহ সামগ্রী বিতৰণ আৰু পুনর্বাসন কার্য অধিক গতিশীলভাৱে আগবঢ়োৱা হৈছে বুলি জনায় প্রিয়ংকা তামুলীয়ে।

এই সংকটৰ সময়ত মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে দৃঢ়ভাৱে পুনৰ উল্লেখ কৰে যে অসমৰ ৰাইজৰ সুৰক্ষা, মর্যাদা আৰু কল্যাণেই বিজেপি চৰকাৰৰ সৰ্বোচ্চ অগ্রাধিকাৰ। প্ৰাকৃতিক দুৰ্যোগৰ এই কঠিন সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ সমন্বিত প্রচেষ্টাই বানাক্রান্ত লোকসকলক সকাহ দিয়াত মুখ্য ভূমিকা পালন কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande