চাৰিদুৱাৰত জননেতা ড. পূৰ্ণ নাৰায়ন সিংহৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন
শোণিতপুৰ, ২৯ জুন (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ পুঁজিৰে প্ৰাক্তন সাংসদ জননেতা প্ৰয়াত ড. পূৰ্ণ নাৰায়ন সিংহৰ এক প্ৰতিমূৰ্তি স্থাপনৰ উদ্দেশ্যে আজি আধাৰশিলা স্থাপন কৰা হয় ৷ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰনৱ নাৰা
চাৰিদুৱাৰত জননেতা ড. পূৰ্ণ নাৰায়ন সিংহৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন


শোণিতপুৰ, ২৯ জুন (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ পুঁজিৰে প্ৰাক্তন সাংসদ জননেতা প্ৰয়াত ড. পূৰ্ণ নাৰায়ন সিংহৰ এক প্ৰতিমূৰ্তি স্থাপনৰ উদ্দেশ্যে আজি আধাৰশিলা স্থাপন কৰা হয় ৷ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰনৱ নাৰায়ন দেৱে আধাৰশিলা স্থাপন কৰি প্ৰয়াত ড০ পূৰ্ণ নাৰায়ন সিংহৰ জীৱন পৰিক্ৰমা আৰু কৰ্মৰাজিৰ বিষয়ে বক্তব্য আগবঢ়ায়।

সৰ্বসাধাৰণৰ ওচৰত দায়বদ্ধ এগৰাকী দূৰদৰ্শী ৰাজনীতিক, আইনজ্ঞ তথা লিখক আৰু সাংবাদিক হিচাপে তেওঁ প্ৰতিটো ক্ষেত্ৰতে সাধাৰণ জনতাৰ কাষত থিয় দিছিল বুলিও সভাত সকলোৱে প্ৰকাশ কৰে ৷ এই অনুষ্ঠানত কোঁচ ৰাজবংশী উন্নয়ণ পৰিষদৰ সদস্য বিক্ৰম দাস,জননেতা ডঃ পূৰ্ণনাৰায়ণ সিংহৰ পুত্ৰ তথা সমাজকৰ্মী ড°পৰশমণি সিংহ, বোৱাৰী মনীষা বৰা সিংহ আৰু নাতিনী শুভাংগী সিংহৰ লগতে চাৰিদুৱাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিত আছিল ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande