
গোলাঘাট, ২৯ জুন (হি.স.)। গৰুৰ বাবেই কলিয়াবৰৰ মিছাৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত কালি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰা গৰুক বচাবলৈ গৈ কৰুন মৃত্যুক সাৱটিলে স্কুটি আৰোহী যুৱকে। দুৰ্ঘটনাত পতিত স্কুটি আৰোহী যুৱক জনক মিছা আৰক্ষীয়ে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে স্কুটি আৰোহী যুৱকজনক।
মৃত যুৱকজনক বিশ্বনাথ চাৰিআলিৰ কমাৰগাঁৱৰ বিকাশ চক্ৰৱৰ্তী বুলি আৰক্ষীয়ে জানিব দিয়ে। এএছ ৩২ ডি- ০৩৬৮ নম্বৰৰ স্কুটি খনেৰে নগাঁও দিশৰ পৰা কলিয়াবৰ দিশে আহি থকাৰ সময়তে মিছাত সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ