সৰ্থেবাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,এজন আটক
নলবাৰী, ২৯জুন(হি.স.)। সৰ্থেবাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষী অভিযান চলাই এজন লোকক আটক কৰিছে। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজোতি ডেকাৰ নেতৃত্বত চলা এক বিশেষ অভিযানত তীৰ খেলৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত বিপুল ডেকা নাম
সৰ্থেবাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,এজন আটক


নলবাৰী, ২৯জুন(হি.স.)। সৰ্থেবাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষী অভিযান চলাই এজন লোকক আটক কৰিছে।

সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজোতি ডেকাৰ নেতৃত্বত চলা এক বিশেষ অভিযানত তীৰ খেলৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত বিপুল ডেকা নামৰ ব্যক্তিজনক আটক কৰা হয়। ধৃত বিপুল ডেকাৰ ঘৰ সৰ্থেবাৰীৰ তামুলী চুপাত বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযানকালত বিপুল ডেকাৰ পৰা তীৰ খেলৰ কেইবাখনো টিকটৰ বহী, এটা মোবাইল ফোন আৰু নগদ 25,020 টকা জব্দ কৰা হয়।

উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পৰা সৰ্থেবাৰী অঞ্চলত তীৰ খেলৰ জুৱাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উঠিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। ধৃত লোকজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande