
গোৱালপাৰা, ২৯ জুন (হি.স.)। গোৱালপাৰা চহৰৰ বাপুজীনগৰৰ ৰাজমহল নামৰ হোটেল খনত দেহ ব্যৱসায় ঘাটি উৎখাত কৰা হৈছে ৷ ৰাইজে হাতেলোটে ধৰি এগৰাকী দালাল সহ ৩ যুৱতীক আৰক্ষীক গতাই দিয়ে ৷ আনহাতে দুজন যুৱকে পলায়ন কৰে।
প্ৰাপ্ত তথ্য়মতে, গোৱালপাৰা চহৰৰ বাপুজীনগৰস্থিত হোটেলত ৰাজমহলত স্থানীয় ৰাইজে যোৱা নিশা দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে৷ গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৩০০ মিটাৰ আঁতৰত থকা ৰাজমহল হোটেলত দীৰ্ঘদিনৰ পৰাই নাৰী দেহ ব্যৱসায়ৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন হৈ আছিল ৷ অৱশেষত হঠাৎ ৰাইজ অতিষ্ঠ হৈ হোটেল খনত ৰাইজ উপস্থিত হৈ দেহ ব্যৱসায় কৰা এগৰাকী দালাল সহ ৩ যুৱতীক হাতে লোটে ধৰি আৰক্ষীক গতাই দিয়ে ৷ ৰাইজ উপস্থিত হোৱাত দুজন যুৱক পলায়ন কৰে পাছত আৰক্ষী উপস্থিত হৈ যুৱতী কেইগৰাকীক উদ্ধাৰ কৰি গোৱালপাৰা থানালৈ লৈ যায় ৷
উল্লেখ্য যে গোৱালপাৰা চহৰৰ একাংশ নামী দামী হোটেলত দীৰ্ঘদিন ধৰি চলি অহা নাৰী দেহ ব্যৱসায়ে অতিষ্ঠ কৰিছে চহৰবাসীক ৷ গোৱালপাৰা আৰক্ষীক মেনেজ কৰি এই ব্যৱসায় চলি থকা বুলি ৰাইজে অভিযোগ কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা