
যোৰহাট, ২৯ জুন (হি.স.)। যোৰহাট চিনামৰা সদৰ তিনি আলিত বৃহৎ অগ্নিকাণ্ডৰ ঘটনা । চাজিদুৰ ৰহমান নামৰ ব্যৱসায়ী জনৰ গুডামত সংঘটিত উক্ত অগ্নিকাণ্ড। চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰায় ১০ কোটিৰ অধিক টকা মূল্যৰ সম্পত্তিৰ ক্ষতিৰ সন্দেহ।
মেচাৰ্চ আৰবি ইলেক্টিক এণ্ড হাৰ্ডৱেৰ দোকানৰ গুডামত সংঘটিত উক্ত অগ্নিকাণ্ড ত ৫খন অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ীয়ে জুই নমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু