
নলবাৰী, ২৯ জুন (হি.স.)। নলবাৰী জিলাৰ মাজুশিৰাল গাঁৱৰ এজন লোক বিগত চাৰিদিন ধৰি সন্ধানহীন হৈ আছে। গাঁওখনৰ আতোৱাৰ আলী নামৰ লোকজন শুক্ৰবাৰে বাইহাটা চাৰিআলিলৈ গৈছিল। তেতিয়াৰ পৰা লোকজন সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি আছে যদিও সন্ধান পোৱা নাই।
ইতিমধ্যে পৰিয়ালৰ লোকে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে। কোনো লোকে যদি লোকজনৰ সন্ধান পাই তেন্তে ওচৰৰ আৰক্ষী থানা অথবা ৯৪৭৬৫০২০৫১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু