
গোলাঘাট, ২৯ জুন (হি.স.)। আজি ১৬দিনে নিৰুদ্দেশ হৈ আছে বৰপথাৰৰ থানাৰ অন্তর্গত দুবৰনি গাঁৱৰ ৰাধা কৃষ্ণ বাগানৰ বাসিন্দা
চিনা তাতীঁ (বয়স: ২৮ বছৰ) লগতে তেওঁৰ দুই পুত্ৰ নিৰৱ তাতী(বয়স ৭বছৰ)আৰু বিশ্বৰাজ তাতী(অংগনৱাড়ী শিক্ষাৰ্থী বয়স ৩বছৰ)।
যোৱা ইংৰাজী ১৪-০৬-২০২৬ তাৰিখে ৰাতিপুৱা প্ৰায় ১০:০০ বজাত বৰপথাৰ হিন্দী হাইস্কুলত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ মাকৰ সৈতে চকু চিকিৎসাৰ বাবে গৈছিল। সন্ধিয়া প্ৰায় ৫:০০ বজাত তেওঁলোকে ফোনযোগে পৰিয়ালক ঘৰলৈ উভতি অহাৰ কথা জনাইছিল। কিন্তু তাৰ পিছতেই হঠাৎ ফোন বন্ধ হৈ যায়। সেই সময়ৰ পৰা আজি পৰ্যন্ত তেওঁলোক নিৰুদ্দেশ হৈ আছে।যদি কোনো সদাশয় ব্যক্তিয়ে চিনা তাতীঁ আৰু তেওঁৰ দুই সন্তানৰ বিষয়ে কোনো তথ্য লাভ কৰে বা ক'ৰবাত দেখা পায়, অনুগ্ৰহ কৰি তৎক্ষণাত ওচৰৰ আৰক্ষী থানাত অথবা অসম আৰক্ষীক অৱগত কৰক বা তেওঁলোকে দিয়া ফোন নম্বৰত যোগাযোগ কৰিবৰ বাবে চিনা তাতীঁৰ স্বামী বিৰাজ তাঁতীয়ে কাতৰে অনুৰোধ জনাইছে।এক অজান আশংকাত চিন্তিত হৈ পৰিছে স্বামী বিৰাজ তাতীঁ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু