মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা আন্তঃমহাবিদ্যালয় ভিত্তিত ভৰ আৰু শক্তি উত্তোলন প্ৰতিযোগিতা
মৰিগাঁও, ২৯ জুন (হি.স.)। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা আন্তঃমহাবিদ্যালয় ভিত্তিত ভৰ আৰু শক্তি উত্তোলন প্ৰতিযোগিতা। নাকৰ ''এ প্লাছ'' গ্ৰেড প্ৰাপ্ত মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা আন্তঃমহাবিদ্যালয় ভিত্তিত ভৰ আৰু শক্তি উত্তোলন প্ৰতিযোগিতা


মৰিগাঁও, ২৯ জুন (হি.স.)। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা

আন্তঃমহাবিদ্যালয় ভিত্তিত

ভৰ আৰু শক্তি উত্তোলন প্ৰতিযোগিতা।

নাকৰ 'এ প্লাছ' গ্ৰেড প্ৰাপ্ত মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সৌজন্যত বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজিৰে পৰা আৰম্ভ হৈছে আন্তঃমহাবিদ্যালয় ভিত্তিত ভৰ উত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতা।

বিভিন্ন শিতানত আজি আৰু কাইলৈ ৩০ জুনত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ হৰিচন্দ্ৰ গগৈ ইনডোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উল্লেখিত ভৰ আৰু শক্তি উত্তোলন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়ে।প্ৰচাৰ উপ সমিতিৰ সমন্বয়ক ড০ উৎপল নাথে আত ধৰা উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ কলিতাই আদৰনি ভাষণ আগবঢ়াই। ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰঞ্জন তিমচিনাই উদ্দেশ্য ব্যাখ্যা কৰে। প্ৰতিযোগিতা লানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন মহাবিদ্যালয়ৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি,

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দ্বয় ড০ ফনিভূষন নাথ, ড০ মহানন্দ বৰা,অসম ভাৰ আৰু শক্তি উত্তোলন সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া ভৱজ্যোতি গোস্বামীকে ধৰি পৰিচালক, সহ পৰিচালক কেবাগৰাকীও।প্ৰতিযোগিতাৰ আৰম্ভনীতে মহাবিদ্যালয়ৰ চৌহদত গুৱাহাটী বিশ্ববিদ্যালয় আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ দুখন পতাকা উত্তোলন কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande