উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিদ্যুতৰ সঠিক ব্যৱহাৰৰ বাবে আইঅ’টি প্ৰযুক্তি আধাৰিত টানেল লাইটিং অটোমেছনৰ প্ৰৱৰ্তন
গুৱাহাটী, ২৯ জুন (হি.স.)। শক্তি দক্ষতা বৃদ্ধি আৰু অত্যাধুনিক স্মাৰ্ট প্ৰযুক্তি গ্ৰহণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ নিউ হাফলঙৰ টানেল নং ৯ ত অত্যাধুনিক আইঅ’টি-ভিত্তিক টানেল লাইটিং অ
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিদ্যুতৰ সঠিক ব্যৱহাৰৰ বাবে আইঅ’টি  প্ৰযুক্তি আধাৰিত টানেল লাইটিং অটোমেছনৰ প্ৰৱৰ্তন


গুৱাহাটী, ২৯ জুন (হি.স.)। শক্তি দক্ষতা বৃদ্ধি আৰু অত্যাধুনিক স্মাৰ্ট প্ৰযুক্তি গ্ৰহণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ নিউ হাফলঙৰ টানেল নং ৯ ত অত্যাধুনিক আইঅ’টি-ভিত্তিক টানেল লাইটিং অটোমেছন আৰু বিদ্যুতৰ নিৰীক্ষণ পদ্ধতি স্থাপন কৰা হৈছে।

এই পদক্ষেপৰ জৰিয়তে পৰ্যবেক্ষণ ডিজিটেল প্লেটফৰ্ম আইআৰ নিয়ন্ত্ৰকৰ জৰিয়তে কেন্দ্ৰিভূত তত্ত্বাৱধান, দূৰৱৰ্তী পৰিচালন আৰু বাস্তৱ সময়ৰ আধাৰত বিদ্যুতৰ নিৰীক্ষণ সম্ভৱ কৰি তুলিছে, যি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে আন্তগাঁথনি আধুনিকীকৰণ আৰু বিদ্যুতৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা ৰূপে পৰিগণিত হৈছে।

এই প্ৰকল্পৰ অংশ হিচাপে টানেল লাইটিং ফিডাৰসমূহত স্মাৰ্ট মিটাৰিং আন্তঃগাঁথনি স্থাপন কৰা হৈছে আৰু ফিল্ড ডিভাইচসমূহক আইআৰ নিয়ন্ত্ৰক প্লেটফৰ্মৰ সৈতে সফলতাৰে সংযোগ কৰা হৈছে। এই ব্যৱস্থাই টানেল নং ৯ ৰ লাইটিং ইনষ্টলেচনৰ দূৰৱৰ্তী পৰিচালনা আৰু নিৰীক্ষণ কৰাৰ লগতে বিদ্যুতৰ ব্যৱহাৰ আৰু ব্যৱস্থাৰ কাৰ্যক্ষমতা তথ্য বাস্তৱ সময়ত প্ৰাপ্ত কৰা সম্ভৱ হৈছে। এই অটোমেছনে সময়োপযোগী নিয়ন্ত্ৰণ আৰু লাইটিং ব্যৱস্থাৰ অবিৰত নিৰীক্ষণৰ জৰিয়তে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰি তোলে। বিদ্যুতৰ ব্যৱহাৰ আৰু ব্যৱস্থাৰ কাৰ্যক্ষমতা বাস্তৱ সময়ভিত্তিত নিৰীক্ষণ সুবিধাৰ ফলত বিদ্যুতৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত হোৱাৰ লগতে অপচয় হ্ৰাস আৰু বহনক্ষম অনুশীলনক প্ৰসাৰিত কৰিব।

আইঅ’টি-ভিত্তিক টানেল লাইটিং অটোমেছন ব্যৱস্থাৰ ৰূপায়ণ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ নেটৱৰ্কজুৰি আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু বিদ্যুৎ ব্যৱস্থাপনা শক্তিশালীকৰণৰ দিশত অব্যাহত প্ৰচেষ্টাৰে এক অংশ। এনে পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা পৰিচালনগত উৎকৰ্ষতা, পৰিৱেশগত বহনক্ষমতা আৰু আধুনিক ৰে'লৱে আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰতি তাৰ দৃষ্টিভঙ্গী পুনৰ দৃঢ়ভাৱে প্ৰতিফলিত কৰিছে। এই পদক্ষেপসমূহ ভাৰতীয় ৰে'লৱেৰ অধিক স্মাৰ্ট, সেউজ আৰু ভৱিষ্যতমুখী ৰে'ল ব্যৱস্থা গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande