
কোকৰাঝাৰ, ২৯ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ পৰ্বতঝোৰা সমষ্টিৰ ৩ নম্বৰ দাওৱাগুৰী গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । গাঁৱখনৰ দৰিদ্ৰ বিধৱা মহিলা আজিৰণ বেওৱাৰ বাসগৃহত যোৱা কালি দেওবাৰে সন্ধিয়া বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈ মুহূৰ্তৰ ভিতৰতে ঘৰ-বাৰী সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।
অগ্নিকাণ্ডত মহিলাগৰাকীৰ ঘৰটোকে ধৰি ঘৰত থকা যাবতীয় আচবাব-পত্ৰ, কাপোৰ-কানি, খাদ্য সামগ্ৰী, নগদ ধন, লগতে বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত পুৰি ছাই হৈ যায়। ঘটনাৰ পিছত মহিলাগৰাকী কান্দি ভাঙি পৰিছে । আৰু খোলা আকাশৰ তলত আশ্ৰয় লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে কয় ক্ষয়-ক্ষতিৰ পৰিমাণ অত্যন্ত বেছি বুলি জানিবলৈ দিয়ে।
ইফালে, গাঁওবাসীয়ে পৰ্বতঝোৰা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলাম শ্বেখ আৰু যমদুৱাৰ সমষ্টিৰ এমচিএলএ উইলিয়াম নাৰ্জাৰীক মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়ি আহি ক্ষতিগ্ৰস্ত বিধৱা মহিলাগৰাকীক আৰ্থিক সহায়, গৃহ নিৰ্মাণ সামগ্ৰী আৰু চৰকাৰী সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ