
শিৱসাগৰ, ২৯ জুন (হি.স.)l নৱ গঠিত নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত হালোৱাটিং লাদৈগড় মিচিং গাঁৱত চলিছে গৰাখহনীয়াৰ বিভীষিকা। প্ৰায় বছৰ ধৰি লাদৈগড় মিচিং গাঁৱৰ শতাধিক পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি আহিছে।ঘৰ দুৱাৰৰ লগতে কৃষি ভুমিও গৰাখহনীয়াৰ কবলত পৰি বিলীন হৈ পৰিছে কাষতে থকা জাজী নৈত। বছৰ বছৰ ধৰি ভয় শংকাৰ মাজেদি জীৱন অতিবাহিত কৰি আহিছে শতাধিক পৰিয়ালে।মিচিং জনগোষ্ঠীয় লোকৰ বসবাস স্থলী লাদৈগড় মিচিং গাঁৱৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে আগবাঢ়ি অহা নাই জলসম্পদ বিভাগৰ লোক।বিগত বিধান সভা নিৰ্বাচনৰ পুৰ্ব্বে নাজিৰাৰ বৰ্তমানৰ বিধায়ক ময়ুৰ বৰগোহাঁইয়ে গাঁও খনৰ এই সমস্যাৰ বুজ লৈ ৰাইজক সমাধানৰ আশ্বাস প্ৰদান কৰাৰ পিছতেই ৰাইজে বিধায়ক গৰাকীৰ সহযোগিতা পোৱাৰ আশাৰে ৰৈ আছে।গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে স্থায়ী সমাধানৰ বাবে বৰ্তমানেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগে।গৰাখহনীয়াৰ কবলত বহু লোকৰ মাটিবাৰী সংকোচিত হৈ পৰিছে।গৰাখহনীয়াৰ ফলত কোনেও কৰিব পৰা নাই বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি।লাদৈগড় মিচিং গাঁওবাসীৰ এই গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানত নৱ নিৰ্বাচিত বিধায়ক ময়ুৰ বৰগোহাঁইয়ে কিমান গুৰুত্ব প্ৰদান কৰে সেইয়া সময়ত হব লক্ষণীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ