তেজপুৰত বিজেপিৰ সাংগঠনিক সভাত সভাপতি দিলীপ শইকীয়াৰ অংশগ্ৰহণ
শোণিতপুৰ, ২৯ জুন (হি.স.)। তেজপুৰৰ বাটামাৰীস্থিত কনভেনচন চেন্টাৰত আজি শোণিতপুৰ আৰু বিশ্বনাথ বিজেপিৰ প্ৰতিনিধি সকলক লৈ আয়োজিত এখন সাংগঠনিক সভাত অংশ লয় ৰাজ্যৰ বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই ৷ সভাখনৰ বিষয়ে পাছত ৰাজ্যিক সভাপতি শইকীয়াই কয় যে, যোৱা বি
তেজপুৰত বিজেপিৰ সাংগঠনিক সভাত সভাপতি দিলীপ শইকীয়া


শোণিতপুৰ, ২৯ জুন (হি.স.)। তেজপুৰৰ বাটামাৰীস্থিত কনভেনচন চেন্টাৰত আজি শোণিতপুৰ আৰু বিশ্বনাথ বিজেপিৰ প্ৰতিনিধি সকলক লৈ আয়োজিত এখন সাংগঠনিক সভাত অংশ লয় ৰাজ্যৰ বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই ৷

সভাখনৰ বিষয়ে পাছত ৰাজ্যিক সভাপতি শইকীয়াই কয় যে, যোৱা বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে কিদৰে পালন কৰিব আৰু প্ৰতিশ্ৰুতি অনুসৰি সমাজৰ দৰিদ্ৰ লোক তথা নিম্নবিত্ত আৰু নিম্ন মধ্যবিত্তৰ জীৱন কিদৰে সলনি কৰিব সেই সম্পৰ্কে দলটোৱে চিন্তাচৰ্চা কৰে ৷ তেওঁ লগতে কয় যে,এইক্ষেত্ৰত ৰাজ্যৰ চৰকাৰক দলে কেনেদৰে সহায় সহযোগিতা আগবঢ়াব আৰু অনাগত দিনত আহিব পৰা প্ৰত্যাহ্বানৰ কেনেদৰে বিজেপি দলে মোকাবিলা কৰিব সেই বিষয়েও আজিৰ সভাত আলোচনা কৰা হয় ৷ বৰ্তমান বিজেপি দলে সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ বাবে এইদৰে ৰাজ্যৰ বিভিন্ন জিলাত সাংগঠনিক সভা অনুষ্ঠিত কৰা বুলিও উল্লেখ কৰি শইকীয়াই আৰু কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ তথা ৰাজ্যত বিকাশৰ ত্বৰান্বিত গতিৰ অনিৰুদ্ধ যাত্ৰাত অসমখনক আৰু অধিক আগুৱাই নিয়াৰ সংকল্পৰে বিজেপি দলে কৰ্মপন্থা নিৰূপন কৰাৰ উদ্দেশ্যে এই সভা অনুষ্ঠিত কৰে ৷

সাংগঠনিক সভাত দলটোৰ উপ সভাপতি অমিয় ভূঞাৰ লগতে তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত, নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা, বৰছলাৰ বিধায়ক ঋতুবৰণ শৰ্মা, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, প্ৰাক্তন বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে দলটোৰ সাংগঠনিক দায়িত্বত থকা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande